June 10, 2024 7:59 PM | PM Modi

printer

কাৰ্যভাৰ গ্ৰহণৰ পাছত নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়া তথা সদস্যসকলক সম্বোধন কৰে। তেওঁ কয় যে বিগত ১০ বছৰে তেওঁ প্ৰধানমন্ত্রী কার্যালয়ক উন্নয়নৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰি আহিছে। তেওঁ কয় যে তৃতীয়টো কাৰ্যকালৰ বাবে জনসাধাৰণে তেওঁৰ নেতৃত্বৰ চৰকাৰক অৰ্পন কৰাৰ দায়িত্ব তেওঁৰ দায়বদ্ধতা বৃদ্ধি কৰাৰ লগতে দেশক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ সংকল্পক শক্তিশালী কৰি তুলিছে। দেশৰ চৰকাৰৰ অৰ্থ সামৰ্থ, সমৰ্পণ আৰু সংকল্পৰ নতুন শক্তি বুলি শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বাবে সময়ৰ কোনো সীমাবদ্ধতা থাকিব নোৱাৰে। দেশৰ বাবে প্ৰতি মুহূৰ্ততে উৎসর্গিত মনোভাৱেৰে কাম কৰি যোৱাৰ বাবে এই কার্যালয় দায়বদ্ধ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে দৃঢ় সংকল্প আৰু সমৰ্পিত মনোভাৱ লৈ নিষ্ঠা সহকাৰে কাম কৰি যোৱাৰ ক্ষেত্ৰত আগ্ৰহীসকলক তেওঁৰ সহযোগী হ’বলৈ আহ্বান জনায়। তেওঁ লগতে বিশ্বৰ কোনো ৰাষ্ট্ৰই এই পর্যন্ত উপনীত নোহোৱা সফলতাৰ শিখৰলৈ ভাৰতক লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে। তেওঁ কয় যে চিন্তাৰ স্পষ্টতা, দৃঢ় আত্মবিশ্বাস আৰু সংকল্পৰ দৃঢ়তা থকা লোকেহে লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হয়। শ্ৰী মোদীয়ে কয় যে আজীৱন নিজৰ মাজত এজন শিক্ষাৰ্থীক কঢ়িয়াই ফুৰা ব্যক্তিয়েহে সফলতাৰ শিখৰ স্পৰ্শ কৰিব পাৰে। তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো কৰ্মচাৰীয়ে চৰকাৰৰ সফলতাৰ অংশীদাৰ বুলি উল্লেখ কৰি পৰৱৰ্তী সময়তো তেওঁলোকক এই নিষ্ঠা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক