ডাউনলোড
মোবাইল এপ

android apple
signal

December 14, 2024 8:03 PM | pm loksabha

printer

ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশখনৰ বাবে সংবিধানৰ ৭৫ বছৰীয়া এই যাত্ৰা স্মৰণীয়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংবিধান বিতর্কত ভাগ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে সংবিধান বিতৰ্কৰ উত্তৰ দি কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশখনৰ বাবে সংবিধানৰ ৭৫ বছৰীয়া এই যাত্ৰা স্মৰণীয়। সংবিধানখনে সংবিধান প্রণেতাসকলৰ দৃষ্টিক তেওঁলোকৰ অৱদান আৰু আগুৱাই যোৱাৰ সমাধান দিছে। সংবিধানে ৭৫ বছৰ গৰকাৰ এই সময়খিনি দেশৰ বাবে উদযাপনৰ সময়। লোকসভাত কালিৰে পৰা হৈ থকা সংবিধান বিতৰ্কত ভাগ লোৱা সকলোকে সম্বোধন কৰি কয়, যে সংবিধানৰ ৭৫ বছৰীয়া এই উদযাপনত অংশগ্ৰহণ কৰাৰ বাবে প্রধানমন্ত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ জনায়। দেশে স্বাধীনতা লাভ কৰাৰ পাছতে ভাৰতৰ সংবিধানে সকলো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে। সংবিধান বিতৰ্কৰ উত্তৰতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কোটি কোটি নাগৰিক ৭৫ বছৰীয়া যাত্ৰাৰ অংশীদাৰ হিচাপে প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক