প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লোকসভাক এইবুলি আশ্বাস দিয়ে যে চৰকাৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয় লৈ যথেষ্ট উদ্বীগ্ন আৰু দোষীসকলক ৰেহাই দিয়া নহ’ব। তেওঁ কয় যে এই সন্দৰ্ভত যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত উত্তৰ দি প্রধানমন্ত্ৰীয়ে কয় যে নীট পৰীক্ষাৰ বিষয় লৈ দেশৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰক্ৰিয়াটো ত্রুটিহীন কৰি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে। চৰকাৰে এনে ধৰণৰ বিভিষীকা ৰোধ কৰাৰ বাবে ইতিমধ্যে এখন শক্তিশালী আইন প্রণয়ন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
শ্রীমোদীয়ে কয় যে জনসাধাৰণে লোকসভা নিৰ্বাচনত সুস্থিৰতা আৰু ধাৰাবাহিকতাৰ হকে জনাদেশ দিছে আৰু তেওঁৰ চৰকাৰে তৃতীয় কার্যকালত তিনিগুণ অধিক শক্তি আৰু গতিৰে কাম কৰি তিনিগুণ সফলতা লাভ কৰিব। কংগ্ৰেছক কটাক্ষ কৰি শ্ৰীমোদীয়ে কয় যে দেশবাসীয়ে দলটোক বিৰোধী পক্ষত বহাৰ বাবে ভোটদান কৰিছে আৰু মূল বিৰোধী দলটোৱে একেৰাহে তিনিবাৰ সাধাৰণ নিৰ্বাচনত ১০০খন আসন অতিক্ৰম কৰিবলৈ সমৰ্থ হোৱা নাই। তেওঁ কয় যে কংগ্ৰেছ আৰু সমৰ্থকসকলে তেওঁলোকে এন ডি এক পৰাজিত কৰা বুলি জনসাধাৰণক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে অপপ্ৰচাৰ চলোৱাৰ পাছতো লোকসভা নিৰ্বাচনত সন্মুখীন হোৱা পৰাজয়ৰ বাবে তেওঁলোকে পোৱা বেথাক তেওঁ বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছে। এইবাৰৰ সাধাৰণ নিৰ্বাচনত পৰিপক্বতা আৰু জ্ঞানৰ পৰিচয় দিয়াৰ বাবে শ্রীমোদীয়ে দেশৰ জনসাধাৰণক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰৰ নীতি, অভিপ্ৰায় আৰু নিষ্ঠাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু সেইবাবে এন ডি এ চৰকাৰক তৃতীয় কাৰ্যকালৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰিছে। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে একমাত্ৰ ভাৰত প্ৰথম মূলমন্ত্ৰৰে পৰিচালিত হৈ আহিছে আৰু সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত জনসাধাৰণে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিলৈ সমৰ্থন আগবঢ়াইছে। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে একাংশৰ বাবে তোষামোদ নহয় বৰং সকলোৰে বাবে ন্যায়ৰ নীতি অনুসৰণ কৰি আহিছে। বৰ্তমান চৰকাৰে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত বিকশিত ভাৰতৰ সংকল্পৰ বিষয়ে বিশদভাৱে কোৱা হৈছে আৰু দেশক আগবঢ়াই নিয়াৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে । শ্রীমোদীয়ে নাম উল্লেখ নকৰাকৈ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কয় যে নেতাগৰাকীয়ে অগ্নিবীৰ আৰু ন্যূনতম সমৰ্থন মূল্যৰ বিষয় লৈ সদনক বিপথে পৰিচালিত কৰিছে। কংগ্ৰেছে ইয়াৰ অৰ্থনৈতিক নীতি আৰু জাতি তথা অঞ্চল আধাৰিত বিভাজনকামী ৰাজনীতিৰে অৰাজকতা সৃষ্টি কৰা বুলি প্রধানমন্ত্রীয়ে অভিযোগ তোলে। তেওঁ কয় যে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছে আৰু এয়া সঁচাকৈ গুৰুতৰ বিষয়। কংগ্ৰেছক সকিয়াই দি প্রধানমন্ত্রীয়ে কয় যে দলটোৰ সহযোগী তন্ত্ৰক এনে ষড়যন্ত্ৰৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব। শ্রীমোদীয়ে লগতে কংগ্ৰেছৰ শাসনকালত সেনাবাহিনীৰ ওচৰত বুলেট প্রুফ জেকেটো নাছিল বুলি অভিযোগ উত্থাপন কৰে। বফোৰ্ছ কেলেংকাৰি আৰু চাবমেৰিন ক্ৰয়ৰ হোৱা অনিয়মৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত সশস্ত্র বাহিনীৰ সংস্কাৰ প্ৰক্ৰিয়া ব্যাহত হৈছে। লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নির্বাচন অনুষ্ঠিত চাৰিখন ৰাজ্যত এন ডি এই বিপুল ভোটত জয়লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে । শ্রীমোদীয়ে লগতে উত্তৰ প্ৰদেশৰ হাথৰছত হোৱা হেঁচা-ঠেলাৰ ঘটনাত কেইবাগৰাকীও লোকৰ প্ৰাণনাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে এই ঘটনাৰ বলি হোৱাসকলক প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়াব। প্রধানমন্ত্রীয়ে ভাষণ দিয়াৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সদনত প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ একাংশ সাংসদৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক সদনত শৃংখলা বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। তাৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে শ্লোগান অব্যাহত ৰাখে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রধানমন্ত্ৰীৰ ভাষণৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিক গৰিহণা দি এটা প্ৰস্তাৱ উত্থাপন কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু সদনে মৌখিক ভোটত প্ৰস্তাৱটো গ্ৰহণ কৰে।
ৰাজ্যসভাতো কালি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ আলোচনা হয়। আলোচনাত অংশগ্রহণ কৰি অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ লগতে বান আৰু খহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায় ৷ তেওঁ ৰাজ্যখনৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয় লৈ মন্তব্য কৰে আৰু ৰাজ্যখনৰ থলুৱা জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে ৷
কংগ্ৰেছ সাংসদ প্রমোদ তিৱাৰীয়ে আলোচনাত ভাগ লৈ দেশত মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে কোনো পদক্ষেপ লোৱা হোৱা নাই বুলি অভিযোগ তোলে । ৰাষ্ট্ৰপতিৰ ভাষণত মণিপুৰৰ অশান্ত পৰিস্থিতিৰ উল্লেখ কৰা হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে নির্বাচনী প্রতিশ্রুতি সত্বেও বিজেপি বছৰি ২ কোটি চাকৰি প্ৰদানত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। আলোচনাত অংশ লৈ উচ্চ সদনৰ নেতা জে পি নাড্ডাই ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰশংসা কৰে আৰু ইয়াৰ চৰকাৰৰ অভিপ্ৰায়ৰ প্ৰতিফলন বুলিও অভিহিত কৰে। দেশৰ সাম্প্ৰতিক অর্থনৈতিক স্থিতিৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে ভাৰতবৰ্ষ বিশ্ব অর্থনীতিৰ উজ্জ্বল স্থান বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে ৰাজ্যসভাৰ তিনিগৰাকী নতুন সাংসদে শপত গ্রহণ কৰে ।