ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 6:24 PM | pm kishan sanman nidhi

printer

সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি কৰিব। এই আঁচনিৰ অধীনত কৃষিভূমি থকা কৃষকসকলক তিনিটা সমপৰিমাণৰ কিস্তিত প্ৰতিবছৰে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে এই অনুষ্ঠানত দেশৰ ২ কোটি ৫০ লাখ কৃষকে শাৰীৰিকভাৱে বা ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। এই আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ৩লাখ ৪৬ হাজাৰ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক