ডাউনলোড
মোবাইল এপ

android apple
signal

August 17, 2024 8:11 PM | PM globel south

printer

গ্লোবেল ছাউথৰ অন্তৰ্ভুক্ত দেশসমূহক পৰস্পৰৰ বাবে শক্তি হ’ব পৰাকৈ একেলগে থিয় দিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহক পৰস্পৰ শক্তি হ’ব পৰাকৈ একেলগে সমস্বৰে থিয় দিবলৈ আহ্বান জনাইছে। তৃতীয় গ্লোবেল ছাউথ ভার্চুৱেল সন্মিলনত উদ্বোধনী ভাষণ দি প্রধানমন্ত্রীয়ে সাম্প্রতিক বিশ্বৰ অনিশ্চয়তা আৰু প্ৰত্যাহ্বান ভৰা বাতাবৰণক লৈ উদ্বেগ প্ৰকাশ কৰে। কোভিড-১৯ৰ প্ৰভাৱৰ পৰা বিশ্ব এই পর্যন্ত মুক্ত নোহোৱাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয় যে, সংঘাটৰ বিষয়সমূহে গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ বিকাশ যাত্ৰাত গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে কয় যে, গ্লোবেল চাউথ দেশসমূহ সম্প্ৰতি জলবায়ু পৰিৱৰ্তনৰ লগতে স্বাস্থ্য সুৰক্ষা, খাদ্য সুৰক্ষা আৰু শক্তি সুৰক্ষাৰ দৰে ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেওঁ লগতে কয় যে, সন্ত্ৰাসবাদ, উগ্রবাদ আৰু বিচ্চিন্নতাবাদে এতিয়াও সমাজৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰি আছে। প্রযুক্তি বিভাজন আৰু প্ৰযুক্তিৰ সৈতে জড়িত নতুন আর্থসামাজিক প্ৰত্যাহ্বানো সৃষ্টি হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত গ্লোবেল চাউথ দেশসমূহৰ সৈতে নিজৰ অভিজ্ঞতা আৰু সামৰ্থ ভগাই ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ। বাণিজ্যৰ প্ৰসাৰ, বহনক্ষম উন্নয়ন লক্ষ্যৰ অগ্ৰগতি আৰু মহিলা নেতৃত্বত বিকাশৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত নতুন দিল্লীৰ প্ৰতিশ্রুতিবদ্ধতাতো শ্রী মোদীয়ে আলোকপাত কৰে। তেওঁ যে, শেহতীয়াকৈ আন্তঃগাঁথনি, ডিজিটীয় ব্যৱস্থা আৰু শক্তি যোগাযোগৰ ক্ষেত্ৰত গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি হৈছে। প্রধানমন্ত্ৰীয়ে কয় যে, ভাৰতে মিছন লাইফ আঁচনিৰ অধীনত অকল নিজ দেশতেই নহয় বৰং সহযোগী ৰাষ্ট্ৰসমূহতো ঘৰৰ মুধছত সৌৰ পেনেল স্থাপন আৰু নৱীকৰণযোগ্য শক্তি উৎপাদনত প্ৰাধান্য দিছে। ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেন প্রক্রিয়া ভাৰতৰ উদ্যোগত আন কেইবাখনো দেশত আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, শিক্ষা, যোগ্যতা নির্মাণ আৰু দক্ষতা বিকাশত গ্লোবেল চাউথ ৰাষ্ট্ৰসমূহৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত উল্লেখযোগ্য প্রগতি লাভ কৰা হৈছে। সৰ্বাত্মক বিকাশৰ ক্ষেত্ৰত ডিজিটীয় ৰাজহুৱা আন্তঃগাঠনিৰ ভূমিকাক প্ৰশংসা কৰি প্রধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ জি-টুৱেণ্টি অধ্যক্ষতাৰ সময়ছোৱাত গোলকীয় ডিজিটীয় ৰাজহুৱা আন্তঃগাঠনি নিধিৰ গঠন বিষয়টোলৈ বহুপাক্ষিক সহমতৰ প্ৰতিক স্বৰূপ। ভাৰতে এই নিধিলৈ ২ কোটি ৫০ লাখ ডলাৰৰ প্ৰাৰম্ভিক অৱদান আগবঢ়াব স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এখন বিশ্ব, এটা স্বাস্থ্য আৰু আৰোগ্য মৈত্রী দৃষ্টিভংগী ভাৰতৰ মিছন বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেঁও কয় যে, ভাৰতে আফ্ৰিকা তথা প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপ ৰাষ্ট্ৰসমূহত চিকিৎসালয়, ডায়লেচিচ আহিলা, জীৱনদায়িনী ঔষধ আৰু জন ঔষধি কেন্দ্ৰৰ ক্ষেত্ৰত সহযোগিতাৰে এই বন্ধুত্ব বৰ্তাই ৰাখিছে। মানৱীয় সংকতৰ সময়ত ভাৰতে মিত্ৰৰাষ্ট্ৰসমূহক প্ৰথমে সহায় আগবঢ়াই আহিছে বুলিও প্রধানমন্ত্রীয়ে প্রকাশ কৰে। সন্মিলনৰ সামৰণিত মন্তব্য প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে, আজিৰ আলোচনাই একেলগে আগবাঢ়ি যোৱাৰ বাবে পথ মুকলি কৰিলে। এই আলোচনাই গ্লোবেল ছাউথ দেশসমূহে নিৰ্ধাৰণ কৰি লোৱা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, বাণিজ্য ক্ষেত্ৰক শক্তিশালী তোলাৰ বাবে ভাৰতে ২০ লাখ ৫০ হাজাৰ ডলাৰৰ পুঁজি আগবঢ়াব। তদুপৰি প্ৰশিক্ষণৰ বাবে ভাৰতে ১০ লাখ ডলাৰ আগবঢ়াব বুলিও শ্রী মোদীয়ে প্ৰকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক