প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নিশা দ্বিতীয় ভাৰত-কেৰীকম শীৰ্ষ সন্মিলনৰ সুযোগতে ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেটিক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু স্থিতিস্থাপকতা, স্বাস্থ্য সেৱা, ক্ষমতা বিকাশ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক আদি বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ দিশ সন্দৰ্ভত আলোচনা কৰে । তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘত সহযোগিতাৰ বিষয় লৈও আলোচনা কৰে। শ্রীমোদীয়ে চুৰিনামৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকাপ্রসাদ চান চন্তোখীকো সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত-চুৰীনাম অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু অৰ্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত জোৰ দিয়ে। তেওঁলোকে লগতে প্ৰতিৰক্ষা আৰু সুৰক্ষা, ব্যৱসায় আৰু বাণিজ্য, কৃষি, ডিজিটেল উদ্যম, স্বাস্থ্যসেৱা আদিকে ধৰি ভালেমান ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণ কৰাৰ বাবেও সহমত প্ৰকাশ কৰে । এই সন্মিলনৰ সুযোগতে শ্ৰীমোদীয়ে ত্ৰিনিডাড আৰু ট’বেগ’ৰ প্ৰধানমন্ত্ৰী ড° কেইথ ৰাউলেক সাক্ষাৎ কৰে। শ্রীমোদীয়ে ভাৰতৰ ধবজ্জাবাহী ইউ পি আই মঞ্চ ব্যৱহাৰ কৰাৰ বাবে ড০ ৰাউলেক শুভেচ্ছা জ্ঞাপন কৰে । দুয়োগৰাকী নেতাই ডিজিটেল পৰিৱৰ্তন, স্বাস্থ্য, প্ৰতিৰক্ষা আৰু সামুদ্রিক নিৰাপত্তা, পৰিবহণ আৰু সাংস্কৃতিক বিনিময় আদি ভাৰত-ত্রিনিদাদ আৰু ট’বেগ’ৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশ সন্দৰ্ভত আলোচনা কৰে ৷ বাহামাচৰ প্ৰধানমন্ত্ৰী ফিলিপ ব্রেভ ডেভিছৰ সৈতে হোৱা সাক্ষাতৰ সময়ত শ্ৰীমোদীয়ে অর্থনৈতিক সম্পর্ক, জলবায়ু পৰিৱর্তন, সেউজ অংশীদাৰিত্ব শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। দুয়োগৰাকী নেতাই মাতৃৰ নামত এজোপা গছ অভিযান সন্দৰ্ভতো মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু বার্বাডোচৰ প্ৰধানমন্ত্ৰী মিয়া অমোৰ ম’টলীয় বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে দেশ-দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰে। এই আলোচনাৰ সময়ত বার্বাডোচৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক সন্মানীয় অৰ্ডাৰ অৱ ফ্ৰীডম অব বার্বাডোচ সন্মান প্রদানৰ কথা ঘোষণা কৰে। অহা ৩০ নৱেম্বৰত শ্ৰীমোদীক এই সন্মান প্ৰদান কৰা হ’ব। শ্ৰীমোদীয়ে এই শীৰ্ষ সন্মিলনৰ সুযোগতে গ্রেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিটচেলকো সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে দ্বিতীয় ভাৰত ক্ৰেৰীকম শীৰ্ষ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে শ্রীমিটচেলক অভিনন্দন জ্ঞাপন কৰে । নেতা দুগৰাকীয়ে শিক্ষা, আই চি টি, স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, ক্ৰিকেট, ক্ষমতা বিকাশ আৰু স্থায়ী বিকাশ আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনা কৰে।
Site Admin | November 21, 2024 12:07 PM | Pm dominika president