প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সদনত দাখিল হোৱা কেন্দ্ৰীয় বাজেটখনে সৰ্বাত্মক বিকাশ আৰু সমাজৰ বহুতো স্তৰৰ লোকক উপকৃত কৰি এখন বিকশিত ভাৰতৰ ভেটি নিৰ্মাণ কৰাটো সুনিশ্চিত কৰিব বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিমূলক আঁচনি ঘোষণা কৰিছে আৰু ইয়াৰ দ্বাৰা দেশত কোটি কোটি নতুন নিয়োগৰ সুবিধাৰ সৃষ্টি হ‘ব। বাজেট সন্দৰ্ভত দিয়া এটা ভিডিঅ‘ বার্তাত প্রধানমন্ত্রীয়ে কয় যে, বাজেটে নতুন সুযোগ, শক্তি, কর্মসংস্থাপন আৰু স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিব। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই সন্দৰ্ভত কয় যে, সদনত আজি দাখিল হোৱা বাজেটে উন্নত আন্তঃগাঁথনি উদ্ভাৱন আৰু নতুন সংস্কাৰৰ দ্বাৰা সমাজৰ সকলো স্তৰৰ লোকক উপকৃত কৰিব পৰাকৈ উন্নত ভৱিষ্যতৰ বাবে পথৰ নিৰ্দেশনা দিব। ইপিনে কংগ্ৰেছ দলে বাজেটখনক নিৰাশাজনক বুলি সমালোচনা কৰা বুলি এই বাজেটত মুদ্রাস্ফিতী আৰু নিবনুৱা সমস্যা হ্ৰাস কৰাৰ বাবে কোনো পদক্ষেপৰ কথা উল্লেখ কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে।