ডাউনলোড
মোবাইল এপ

android apple
signal

April 8, 2024 12:25 PM | PM at west Bengal

printer

দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাটোৱে লোকসভা নিৰ্বাচনৰ উদ্দেশ্যঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে, চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বর্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত কালি এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীমোদীয়ে কয় যে, শ্যামাপ্রসাদ মুখার্জীৰ দূৰদৰ্শিতাৰ বাবে ভাৰত আজি সন্ত্রাসমুক্ত। তেওঁ লগতে ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত কাশ্মীৰ সন্ত্রাসমুক্ত হৈছে বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত দশকত অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা নাৰী শক্তিকে ধৰি সবলীকৰণৰ ক্ষেত্ৰত বিজেপিৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে, বিগত ১০ বছৰত বিজেপিয়ে দেশৰ অন্তিম মাইলপর্যন্ত উন্নয়ন নিশ্চিত কৰিছে। আনহাতে পশ্চিমবংগত চাহ উদ্যোগৰ দুৰৱস্থাৰ বাবে তৃণমূল কংগ্ৰেছ দায়ী বুলি অভিযোগ কৰি শ্রীমোদীয়ে কয় যে, ৰাজ্যখনত শাসনত থকা টি এম চিয়ে বিভিন্ন ধৰণৰ কল্যাণকামী আঁচনিসমূহ ৰূপায়নৰ পৰা বিৰত থাকি জনসাধাৰণক উন্নয়নৰ পৰা বঞ্চিত কৰিছে। তেওঁ I.N.D.I.ৰ মিত্ৰজোঁটৰ দেশক নেতৃত্ব দিয়াৰ কোনো দর্শন নাই বুলিও মন্তব্য কৰে। পৰ্যটকক আকৰ্ষণ তথা বিনিয়োগ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰবংগত জি-২০ সন্মিলন অনুষ্ঠিত কৰা হৈছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে বিজেপি শাসনলৈ আহিলে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি পাব বুলি আশ্বাস দিয়ে। ইপিনে তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনাৰ্জীয়ে কয় যে, ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়নৰ বাবে তেওঁৰ দল প্রতিশ্রুতিবদ্ধ। পশ্চিমবংগৰ পুৰুলীয়াত টি এম চিৰ প্ৰাৰ্থী শান্তিৰাম মাহাতোৰ সমৰ্থনত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে জনসাধাৰণক তৃণমূল কংগ্ৰেছক ভোটদান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক