April 17, 2024 7:50 PM | PM Modi Campaign

printer

নলবাৰীত আয়োজিত এখন নির্বাচনী সভাত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে আজি নলবাৰীত আয়োজিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। নিজৰ ভাষণত প্রধানমন্ত্ৰীয়ে কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ লক্ষ্যৰে আঁচনি গ্ৰহণ কৰিছে আৰু চৰকাৰখনে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আঁচনিসমূহৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰি আহিছে। এন ডি এ চৰকাৰে কোনোধৰণৰ বৈষম্য সৃষ্টি নকৰাকৈ দৰিদ্ৰ লোকসকলৰ বাবে তিনি কোটি গৃহ নিৰ্মাণ কৰিছে আৰু পুনৰ এন ডি এ শাসনলৈ আহিলে পৰৱৰ্তী ৫ টা বছৰত দৰিদ্ৰ আৰু বঞ্চিতসকলক অবিৰতভাৱে খাদ্য সামগ্ৰী যোগান ধৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিজেপিৰ ৰ সংকল্প পত্ৰত ৭০ বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক আয়ুস্মান ভাৰত যোজনাৰে সামৰি লোৱা হ’ব বুলি ঘোষণা কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকে ৫ লাখ টকা পর্যন্ত বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব। শ্রী মোদীয়ে কংগ্ৰেছ দলে নিজৰ শাসনকালত অসমৰ লগতে উত্তৰ-পূবৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা নাছিল বুলি অভিযোগ তোলে। বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ দ্রুতগতিৰে বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলিও প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। -বাইট- তেওঁ লগতে কয় যে অসম জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকে চহকী আৰু ৰাজ্যখনৰ এই সমৃদ্ধ ক্ষেত্ৰসমূহৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাবলৈ তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ। এন ডি এ চৰকাৰে নিজৰ শাসনকালত গ্ৰহণ কৰা কেইবাটাও ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে কয় যে তিনি তালাক ব্যৱস্থাৰ অৱসানৰ দ্বাৰা দলটোৱে মুছলমান মহিলাসকলক সকাহ দিছে। তদুপৰি কৃষি সামগ্ৰীৰ ন্যূনতম সমর্থন মূল্য বৃদ্ধি কৰি কৃষকক সকাহ দিয়াৰ লগতে ৩ কোটি মহিলাক লাখপতি বাইদেউৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছে বুলিও তেওঁ কয়। উল্লেখযোগ্য যে প্রধানমন্ত্ৰীয়ে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী সমষ্টিৰ এন ডি এ প্রার্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত প্ৰচাৰ চলায়। এই কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰি শীৰ্ষ দলীয় নেতাসকল উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক