ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ মহামিত্ৰজোঁটৰ চৰকাৰ নিপীড়িত-বঞ্চিতসকলৰ কল্যাণৰ প্ৰতি বদ্ধপৰিকৰ। মহাৰাষ্ট্ৰৰ নাচিকৰ এখন নির্বাচনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ প্ৰায় ৫০ লাখ মহিলাই উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ বিনামূলীয়া সংযোগ আৰু ১ কোটি ২৫ লাখৰো অধিক পৰিয়ালে হৰ ঘৰ জল যোজনাৰ অধীনত নলযোগে বিশুদ্ধ খোৱাপানী লাভ কৰিছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ ৭ লাখৰো অধিক অৱহেলিত-বঞ্চিত লোকে বিনামূলীয়া ৰেচন লাভ কৰি আছে আৰু ৰাজ্যখনত প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৭ লাখৰো অধিক পকী ঘৰ নিৰ্মাণ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে খেতিয়কসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তেওঁলোকে প্রধানমন্ত্ৰী কিষাণ আঁচনি আৰু নমো শ্বেতকাৰি আঁচনিৰ অধীনত বছৰি ১২ হাজাৰ টকাকৈ বিত্তীয় সাহায্য লাভ কৰি আছে। তেওঁ লগতে মহামিত্ৰজোঁটৰ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে এই ধনৰাশি বছৰি ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক