প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। দুগৰাকী নেতাই এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত ভাগ লয়। প্রধানমন্ত্ৰীয়ে এই আলোচনা সফল হোৱা বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতি টিনুবুৰ সৈতে এই প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। এই ক্ষেত্ৰত তেওঁ দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰতসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উভয় দেশে সন্ত্রাসবাদ আৰু জলদস্যুৰ লেখিয়া প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে। শ্রীমোদীয়ে নাইজেৰিয়াই তেওঁক গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ সন্মানেৰে বিভূষিত কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনায়। তেওঁ কয় যে এই সন্মান কেৱল তেওঁৰ বাবে নহয় বৰং সমগ্ৰ ভাৰতবাসীৰ বাবে। এই সন্মান ভাৰত আৰু নাইজেৰিয়াৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ ফচল বুলি প্রধানমন্ত্রীয়ে লগতে উল্লেখ কৰে। তেওঁ কয় যে ১৭ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিছে। নিজৰ তৃতীয়টো কাৰ্যকালত নাইজেৰিয়া ভ্ৰমণৰ সুযোগ লাভ কৰি তেওঁ অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে ভাৰতে নাইজেৰিয়াৰ বান সাহায্য প্ৰচেষ্টাৰ সমৰ্থনৰ বাবে ২০ টন মানৱীয় সাহায্য আগবঢ়াইছে বুলি প্ৰকাশ কৰে। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অংশীদাৰ হোৱাৰ বাবে নাইজেৰিয়াক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ভাৰত আৰু নাইজেৰিয়াই গোলকীয় দক্ষিণে সন্মুখীন হোৱা সমস্যাসমূহ বিশ্বৰ সন্মুখলৈ আনিব পাৰিব বুলি বিশ্বাস ব্যক্ত কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আবুজাৰ ৰাষ্ট্ৰপতিৰ আৱাসত আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়। আলোচনাৰ অন্তত সাংস্কৃতিক বিনিময় কার্যসূচী, শুল্ক সহযোগিতা আৰু জৰীপ সহযোগিতাৰ ক্ষেত্ৰত তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। তেওঁ নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক সকলৰ এটা সমাৱেশতো ভাষণ দিয়ে।
Site Admin | November 18, 2024 12:00 PM | Pm Modi Abuja