প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ ফ্ৰান্সলৈ ৰাওনা হ’ব। এই ভ্রমণ কালত শ্রীমোদীয়ে পেৰিচত হ’বলগীয়া কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ সৈতে সহ- অধ্যক্ষতা কৰিব। বৈদেশিক সচিব বিক্রম মিশ্রীয়ে কালি নতুন দিল্লীত প্রধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বিষয়ে প্রকাশ কৰে। তেওঁ লগতে কয়, যে শ্ৰীমোদীয়ে অহা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা।
Site Admin | February 8, 2025 12:31 PM | PM
তিনি-দিনীয়া ভ্রমণসূচীৰে পৰহিলৈ প্ৰধানমন্ত্ৰী ফ্ৰান্সলৈ ৰাওনা
