প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন আছে। নতুন দিল্লীৰ দ্বাৰকাত আজি এখন জনসভাত ভাষণ দি শ্রীমোদীয়ে কয় যে দিল্লীৰ জনসাধাৰণৰ বাবে এনে এখন চৰকাৰৰ প্ৰয়োজন আছে যিখন চৰকাৰে সকলোৰে প্ৰয়োজনীয়তাসমূহ যেনে-দৰিদ্ৰসকলৰ বাবে গৃহ নিৰ্মাণ, দিল্লীৰ আধুনিকীকৰণ আৰু প্ৰতিটো বাসগৃহৰ বাবে নলযোগে খোৱাপানীৰ সুবিধা পূৰণ কৰিব পাৰে। তেওঁ দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনক দুর্নীতি পৰায়ণ আৰু শোষণকাৰী বুলি অভিযোগ কৰিছে। তেওঁ কয় যদি দিল্লীত বিজেপি ক্ষমতালৈ আহে তেতিয়া ৰাজধানীৰ ক্ষেত্ৰৰেই নহয় গ্রামাঞ্চলৰ বাবেও দিল্লীক আদর্শ ৰাজধানী হিচাপে গঢ়ি তোলা হ‘ব। তেওঁ লগতে কয় যে বিজেপি ক্ষমতালৈ আহিলে প্রথমখন অধিবেশনতে কেগৰ প্ৰতিবেদন দাখিল কৰা হ‘ব। ইয়াত বৰ্তমানৰ দিল্লী চৰকাৰৰ দুৰ্নীতিৰ সবিশেষ দাখিল কৰা হ‘ব। শ্রীমোদীয়ে লগতে আম আদমী পাৰ্টীৰ চৰকাৰখনক কেন্দ্ৰীয় চৰকাৰৰ লগতে নহয় আন ৰাজ্যৰ চৰকাৰসমূহৰ সৈতে বিবাদত লিপ্ত হয় বুলি অভিযোগ কৰে। দিল্লীৰ জনসাধাৰণক বিজেপিয়ে দিয়া প্রতিশ্রুতিসমূহ পালন কৰাৰ আশ্বাস দি তেওঁ কয় যে এয়া হৈছে মোদীৰ গেৰাণ্টি। বিগত ১১ বছৰত অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ কৰাৰ প্রতিশ্রুতিও তেওঁ প্ৰদান কৰে। তেওঁ লগতে যমুনা নৈৰ প্ৰদূষণৰ সন্দৰ্ভত কৰা আম আদমী পাৰ্টীৰ মন্তব্যক সমালোচনা কৰে।
Site Admin | January 31, 2025 8:28 PM | PM
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ খৰতকীয়া বিকাশৰ বাবে ডাবল ইঞ্জিন চৰকাৰৰ প্ৰয়োজন – প্ৰধানমন্ত্ৰী
