ডাউনলোড
মোবাইল এপ

android apple
signal

April 4, 2025 11:38 AM | PM

printer

থাইলেণ্ডৰ ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বিমস্টেক-সমৃদ্ধিশালী, স্থিতিস্থাপক গুণসম্পন্ন আৰু মুকলি। এইবেলি শীৰ্ষ সন্মিলনত ‘বেংকক দৃষ্টিভংগী-২০৩০’ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে সংগঠনটোৰ পৰৱৰ্তী কাৰ্যব্যৱস্থা নিৰূপণৰ উদ্দেশ্যে BIMSTEC-ৰ বিশিষ্ট ব্যক্তিসকলৰ গোটে দাখিল কৰা প্ৰতিবেদনখন বিবেচনালৈ অনা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি দুদিনীয়া ভ্রমণসূচীৰে বেংককত উপস্থিত হয়। তেওঁ কালি থাইলেণ্ডৰ প্ৰধানমন্ত্রী পিটংটাৰ্ন চিনাৱাটাৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে। আলোচনা কালত নেতা দুগৰাকীয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশৰ পৰ্যালোচনা চলায়। প্রধানমন্ত্রীদ্বয়ে ৰাজনৈতিক বিনিময়, প্ৰতিৰক্ষা সহযোগিতা, কৌশলগত আলোচনা, বাণিজ্য আৰু বিনিয়োগ, জনসম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কেও মত বিনিময় কৰে। তেওঁলোকে যোগাযোগ উন্নত কৰাৰ লগতে স্বাস্থ্য, বিজ্ঞান, প্রযুক্তি, ষ্টার্টআপ, উদ্ভাৱণ, ডিজিটেল, শিক্ষা, সংস্কৃতি আৰু পৰ্যটন সহযোগিতা শক্তিশালী কৰাৰ পোষকতা কৰে। নেতা দুগৰাকীয়ে মানৱ সৰবৰাহ, নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু চাইবাৰ কেলেংকাৰীৰ দৰে সংগঠিত অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে সহযোগিতা বৃদ্ধি কৰাৰ উপায় সম্পৰ্কেও আলোচনা কৰে। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে লগতে বিভিন্ন গোলকীয় বিষয় লৈও মত বিনিময় কৰে আৰু বিমস্টেক, আছিয়ান আৰু মেকং- গংগা সহযোগিতাকে ধৰি আঞ্চলিক তথা গোলকীয় বহুপাক্ষিক মঞ্চসমূহত সহযোগিতা অধিক ঘনিষ্ঠ কৰি তোলাৰ উপায় সম্পৰ্কে আলোচনা কৰে।

বিমস্টেক শীর্ষ সন্মিলনত ভাগ লোৱাৰ অন্তত প্ৰধানমন্ত্ৰী মোদী আজি বিয়লিৰ ভাগলৈ শ্ৰীলংকালৈ যাব। এয়া হ’ব প্ৰধানমন্ত্ৰী মোদীৰ চতুর্থ শ্রীলংকা ভ্রমণ। এই তিনিদিনীয়া ভ্ৰমণ কালত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। উল্লেখযোগ্য যে, শ্রীদিশানায়কে ৰাষ্ট্ৰপতিৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথম বিদেশ ভ্রমণ হিচাপে ভাৰতলৈ আহিছিল।

অধিক পঢ়ক

সকলো চাওক