প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টমনত ২ লাখ কোটিৰো অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব। তেওঁ বিশাখাপট্টমনৰ সমীপৰ পোডিমাকাট অত্যাধুনিক এন টি পি চি গ্রীন এনার্জি লিমিটেডৰ গ্রীন হাইড্ৰজেন হাব্ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰায় ১ লাখ ৮৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এইটোৱে হ‘ব প্ৰথমটো গ্রীন হাইড্রজেন হাব্। এই প্রকল্পই ২০৩০ চনৰ ভিতৰত ভাৰতৰ অজীৱাশ্ম শক্তি ক্ষমতাৰ লক্ষ্য ৫০০ জিৱাট লাভ কৰিব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯ হাজাৰ ৫০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন ৰে‘লপথ প্রকল্প উদ্বোধন কৰি জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব। এই প্রকল্পসমূহৰ ভিতৰত বিশাখাপট্টমনত দক্ষিণ উপকূলীয় ৰে‘লৱে মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰাও অন্তৰ্ভুক্ত হৈ আছে। প্রকল্পসমূহে যান-জঁট হ্ৰাস কৰাৰ লগতে যোগাযোগ উন্নত কৰি আঞ্চলিক, সামাজিক আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আনকাপল্লী জিলাৰ নক্বাপল্লীত বাল্ক ড্রাগ পাৰ্কৰ আধাৰশিলাও স্থাপন কৰিব। উল্লেখযোগ্য যে বিশাখাপট্টমন-চেন্নাই ঔদ্যোগিক কৰিডৰ আৰু বিশাখাপট্টমন-কাকিনাডা পেট্ৰ‘লিয়াম, কেমিকেল এণ্ড পেট্র কেমিকেল ইনভেষ্টমেণ্ট ৰিজিঅ‘নৰ ওচৰত থকা বাবে বাল্ক ড্রাগ পার্কে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাত সহায় কৰাৰ লগতে হাজাৰ হাজাৰ নিয়োগৰ সৃষ্টি কৰিব। প্রধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ তিৰোপতি জিলাৰ চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ অন্তৰ্গত কৃষ্ণপট্টনম ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ফ্লেগশ্বিপ প্রকল্প কৃষ্ণপট্টনম ঔদ্যোগিক এলেকাক গ্রীন ফিল্ড স্মার্ট চিটী হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে প্রায় ১০ হাজাৰ ৫০০ কোটি টকাৰ উৎপাদন বিনিয়োগৰ লগতে প্ৰায় ১ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি হ‘ব।
Site Admin | January 8, 2025 1:34 PM | bisakhapttam | PM