বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ পীয়ুষ গোৱেলৰ

নতুন দিল্লীত কালি পীয়ুষ গোৱেলে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শক্তিশালী আৰু উন্নয়নমুখী শাসন ব্যৱস্থাই সমগ্ৰ দেশতে প্ৰগতিৰ ঢৌৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে সকলো নাগৰিকৰ কল্যাণৰ হকে অদম্যতাৰে কাম কৰাৰ বাবে মন্ত্রালয় দায়বদ্ধ বুলি মন্তব্য কৰে। অটল অক্ষয় উৰ্জা ভৱনত প্ৰহ্লাদ যোশীয়ে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ উপৰি নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। শ্ৰীপদ য়েছ’ নাইকেই নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাজীৱ ৰঞ্জন সিঙে মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ লগতে পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ দায়িত্ব গ্রহণ কৰে। একেদৰে গজেন্দ্ৰ সিং শ্বেখাৱটে কেন্দ্রীয় পর্যটন মন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰে। এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক বিশ্বব্যাপী ভাৰতক প্ৰদৰ্শন কৰাৰ লগতে বিশ্ববাসীক দেশলৈ আমন্ত্ৰণ জনোৱাৰ দায়িত্ব দিয়া হৈছে। একেদৰে ড° বীৰেন্দ্ৰ কুমাৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে নিখিল খাদছে দায়িত্ব গ্ৰহণ কৰে। ড০ সুকান্ত মজুমদাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক