জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বিভাগীয় শীৰ্ষ বিষয়াসকলৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যা প্ৰতিৰোধৰ লক্ষ্যৰে অনুমোদিত কামসমূহ নিৰ্ধাৰিত সময়ত প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অভিনৱ কৌশল তথা প্ৰযুক্তিৰ সহায়ত কামসমূহ পূৰ্বতকৈ কিদৰে উন্নত কৰিব পাৰি এই বিষয়ে আলোচনা কৰে। তদুপৰি বৰ্তমানেও ৰূপায়িত হৈ থকা কাম- কাজসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। ইপিনে ৰাজ্যৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মৰিগাঁও জিলাত বান পৰিস্থিতি পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লৈ বিভিন্ন বিভাগক তৎপৰতাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।