পিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছেঃ সুধাংশু ত্রিবেদী

বিজেপিয়ে ভাৰতীয় সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ছেম পিত্রোডাক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, শ্ৰীপিত্ৰোডাই ভাৰতীয় সংস্কৃতি আৰু পৰিচয়ৰ লগতে দেশৰ জনসাধাৰণক অপমান কৰিছে। তেওঁ কয়যে লোকসভা নির্বাচন আগবঢ়াৰ লগে লগে কংগ্ৰেছৰ স্বৰূপ পোহৰলৈ আহিছে। কংগ্ৰেছৰ আদৰ্শই জনসাধাৰণক ভাগ ভাগ কৰা বুলি শ্রীত্রিবেদিয়ে অভিযোগ উত্থাপন কৰে। দলৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে শ্ৰীপিত্ৰোডাৰ মন্তব্যই কংগ্ৰেছৰ মানসিকতা উদঙাই দিছে বুলি অভিযোগ তোলে। ইয়াৰ পূৰ্বে শ্ৰীপিত্ৰোডাই দেশৰ বিভিন্ন অংশৰ লোকসকলক চীনা, আফ্রিকীয়, আৰৱ আৰু শ্বেতাংগসকলকৰ সৈতে তুলনা কৰিছে। ইপিনে, কংগ্ৰেছে শ্ৰীপিত্রোডাৰ মন্তব্যৰ পৰা দলক আঁতৰাই আনিছে। কংগ্ৰেছে কৈছে যে, দেশৰ বিবিধতাৰ ব্যাখ্যা আগবঢ়োৱাৰ বাবে শ্ৰীপিত্ৰোডাই যিধৰণৰ উদাহৰণ দাঙি ধৰিছে সেয়া সচাকৈ দুৰ্ভাগ্যজনক আৰু অনস্বীকাৰ্য। দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে সামাজিক মাধ্যমযোগে কৈছে যে, কংগ্ৰেছে এনেধৰণৰ মন্তব্যৰ পৰা নিজকে আঁতৰাই আনিছে।

অধিক পঢ়ক

সকলো চাওক