September 7, 2024 12:47 PM | PIB

printer

ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে প্ৰেছ ইনফৰমেচন ব্যুৰোৰ সকিয়নি

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষা গোটে অফিচিয়েল ৱেবছাইটৰ ৰূপত ব্যক্তিগত তথ্য বিচৰা প্ৰবঞ্চনামূলক ৱেবছাইটৰ বিৰুদ্ধে সকিয়নি দিছে। তথ্য পৰীক্ষা গোটে কৈছে যে, প্রবঞ্চনামূলক ৱেবছাইট “bsnltowerindia.com” এ প্ৰতাৰনামূলকভাৱে ফাইভ-জি টাৱাৰ স্থাপনৰ বাবে আবেদনৰ আমন্ত্ৰণ জনাইছে। প্ৰেছ ইনফৰমেচন ব্যুৰোৱে কৈছে যে, আবেদনৰ ঠিকনা বি এছ এন এলৰ সৈতে সম্পর্কিত নহয়। সেয়েহে এনে সন্দেহজনক ৱেবছাইটত ব্যক্তিগত তথ্য প্ৰদান নকৰিবলৈ পি আই বিয়ে সকলোকে আহ্বান জনাইছে। বি এছ এন এলৰ অফিচিয়েল ৱেবছাইট হৈছে “bsnl.co.in” |

অধিক পঢ়ক

সকলো চাওক