পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত ৩ মাহত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়ে কয় যে, চলিত বছৰৰ জুলাইত ভাৰতীয় তেল নিগম লিমিটেডে পৰীক্ষণ আৰু সঞ্চালনৰ বাবে ভাৰতীয় নৌসেনালৈ হাইড্ৰজেন ইন্ধন কোষ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰা বাছ যোগান ধৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই চুক্তি বহনক্ষম উন্নয়ন আৰু পৰিৱেশ ব্যৱস্থাপনাৰ দিশত দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে ৷ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, শেহতীয়াকৈ চৰকাৰে সংশোধিত প্রধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকুল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে শস্য চপোৱাৰ পাছত কৃষি পথাৰত ৰৈ যোৱা অৱশেষৰ বাবে খেতিয়কসকলক লাভজনক আয় প্ৰদানৰ লগতে পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ লক্ষ্য স্থিৰ কৰা হৈছে। আঁচনিখনৰ সংশোধন কৰি উন্নত জৈৱ ইন্ধনৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। তদুপৰি প্ৰকল্প প্ৰস্তাৱসমূহৰ ক্ষেত্ৰত নতুন প্রযুক্তি আৰু উদ্ভাৱনত বিশেষ গুৰুত্ব আৰোপ কৰা হব বুলি আঁচনিখনত উল্লেখ কৰা হৈছে। এই আঁচনিয়ে স্থানীয়ভাৱে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিত সহায় কৰাৰ লগতে দেশৰ শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতা সুনিশ্চিত কৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে।
Site Admin | September 19, 2024 8:58 PM | petrolium scheme