ভাৰতে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাৰ্থত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত এটাও উইকেট নেহেৰুৱাকৈ ১৭২ ৰান সংগ্ৰহ কৰে। দিনান্তত যশস্বী জয়ছোৱালে ৯০ আৰু কে এল ৰাহুলে ৬২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ভাৰত অষ্ট্ৰেলিয়াতকৈ সামগ্ৰিকভাৱে ২১৮ ৰানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি ৭ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৬৭ ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি ১০৪ ৰানত বাকী তিনিটা উইকেট হেৰুৱায়৷ ভাৰতৰ হৈ যশপ্রীত বুমৰাই ৫টা, হৰ্ষিত ৰানাই তিনিটা আৰু মহম্মদ চিৰাজে দুটা উইকেট দখল কৰে।
Site Admin | November 23, 2024 8:39 PM | India take 218-run lead against Australia | Perth Test Day 2 Yashasvi | Rahul score half-centuries