পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰয়িঙৰ পুৰুষৰ ছিংগলছৰ স্কালছ শিতানত ভাৰতৰ বলৰাজ পানৱাৰে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি পঞ্চম স্থানতে থমকি প্রতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা বাদ পৰিছে।
ভাৰতীয় পুৰুষৰ হকী দল পুল-বিৰ এখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰিছে। ভাৰতীয় হকী দলটোৱে কালি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ড্র খেলাৰ লগতে গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছে।
আৰ্চাৰী শাখাত মহিলাৰ একক এলিমিনেচন পৰ্যায়ত ভাৰতৰ মহিলা আৰ্চাৰ ভজন কৌৰে ইন্দোনেছিয়াৰ আচাৰৰ বিৰুদ্ধে জয়লাভ কৰিছে। ভজন কৌৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে মহিলা আৰ্চাৰৰ একেটা পর্যায়তে অংকিতা ভক্তে পোলেণ্ডৰ আৰ্চাৰৰ বিৰুদ্ধে পৰাজয়বৰণ কৰিছে।
আনহাতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইয়ে মহিলা বক্সিঙৰ ৭৫ কিলোগ্রাম শাখাত কাইলৈ প্রি-কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ সুনিভা হভষ্টেডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ভাৰতীয় জেভলিন থ্ৰ’ খেলুৱৈ নীৰজ চোপ্ৰা আজি পেৰিছৰ অলিম্পিক গেম ভিলেজত উপস্থিত হৈছে। টকিঅ’ অলিম্পিকত স্বর্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাই ৬ আগষ্টত জেভলিন থ্ৰ’ৰ কোৱালিফায়াৰ ৰাউণ্ডৰ খেলত অংশ ল’ব।