চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াং জিলাৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি পাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি পশ্চিম চিয়াং জিলাৰ আল’ত গালো কল্যাণ সমাজৰ ৰূপালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠিত অংশগ্রহণ কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই প্রকল্পটো কোনো জলবিদ্যুৎ প্রকল্প নহয় বৰঞ্চ এয়া হৈছে ৰাষ্ট্ৰীয় গুৰুত্ব থকা এটা বহুমুখী প্রকল্প। বিগত ৭-৮ বছৰত ৰাজ্যখনৰ ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলস্বৰূপে ৰাজ্য চৰকাৰে জনমুখী প্ৰকল্প আৰু কল্যাণকামী আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। শ্রীখাণ্ডুৱে সম্পদ সৃষ্টিৰ বাবে ৰাজ্যখনৰ প্ৰাকৃতিক সম্ভাৱনাসমূহৰ বিকাশ ঘটোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে যিমানেই ৰাজহ সৃষ্টি হ’ব সিমানেই উন্নয়নমুখী কাম-কাজসমূহো বৃদ্ধি হ’ব। অৱশ্যে উন্নয়ন আৰু আধুনিকতাৰ ধামখুমীয়াত ৰাজ্যখনৰ খিলঞ্জীয়া লোককলৰ সাংস্কৃতিক পৰিচয় যাতে বিলুপ্ত নহয় সেই ক্ষেত্ৰত সাৱধান হোৱাতো প্রয়োজন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | January 11, 2025 12:22 PM | Pema Khandu arunachal damp chiyang china
চীনে তিব্বতত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰাৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে অৰুণাচলৰ চিয়াং নদীত বহুমুখী প্রকল্প নিৰ্মাণৰ গুৰুত্ব বৃদ্ধি
