পেমা খাণ্ডু তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ

অৰুণাচল প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে ইটানগৰৰ দৰ্জি খান্দু অভিৱৰ্তন কেন্দ্ৰত আজি একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। শ্ৰী খাণ্ডুৰ লগতে আন ১১ গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পানায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় ৷ পি ডি চৌনা, ৱাংকি লৱাঙকে ধৰি অন্যান্য ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্রী জে পি নাড্ডা, জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদ, অসম আৰু ছিকিমৰ মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী কিৰেণ ৰিজিজু আৰু অৰুণাচল পূব সংসদীয় সমষ্টিৰ সাংসদ তাপিৰ গাৱকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আজি শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকে। বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুঠ ৬০ খন আসনৰ ভিতৰত ৪৬ খন আসনতে বিজেপিয়ে বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে শ্ৰী খাণ্ডুৱে কালি বিয়লি ৰাজভৱনত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে ৰাজ্যপালগৰাকীয়ে শ্ৰী খাণ্ডুক নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ পূৰ্বে শ্ৰী খাণ্ডুক কালি কেন্দ্ৰীয় পর্যবেক্ষক ৰবিশংকৰ প্ৰসাদ আৰু তৰুণ চুঘৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্রমে বাছনি কৰা হয়।

অধিক পঢ়ক

সকলো চাওক