ভাৰতৰ চলিত বিত্তীয় বৰ্ষত প্রকৃত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ বিত্তীয় বর্ষত এই বৃদ্ধিৰ হাৰ ৬.৩ শতাংশৰ পৰা ৬.৮ শতাংশ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ দুয়োখন সদনতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই প্রাক-বাজেট সমীক্ষা অনুসৰি দেশৰ ঘৰুৱা অর্থনীতি টনকীয়াল হৈ থাকিব বুলি কোৱা হৈছে। অৱশ্যে সেৱা খণ্ড আৰু কৃষি খণ্ডত অর্থনৈতিক বিকাশ অপৰিৱৰ্তিত থাকিব। খাৰিফ শস্যৰ অভিলেখ পৰিমাণৰ উৎপাদনৰ ফলত গ্রামাঞ্চলত চাহিদা বৃদ্ধি পাই কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পৰিব। সমীক্ষা অনুসৰি গোলকীয় চাহিদা হ্রাস আৰু স্থানীয় জলবায়ুৰ প্ৰভাৱৰ বাবে নিৰ্মাণ খণ্ডত প্রত্যাহ্বানৰ সন্মুখীন হ‘ব।
সমীক্ষাই প্ৰকাশ কৰা অনুসৰি ২০১১-১২ বিত্তীয় বর্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্রিমাসিকত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৬ দশমিক ৭ শতাংশ আৰু দ্বিতীয়টো ত্রিমাসিকত ৫ দশমিক ৪ শতাংশ বৃদ্ধি হয়। অর্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথমাৰ্দ্ধত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৬ শতাংশ বৃদ্ধি হৈছে। চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো ত্রিমাসিকত কৃষি খণ্ডৰ বিকাশৰ হাৰ ৩ দশমিক ৫ শতাংশ হোৱাৰ ফলত বিত্তীয় বৰ্ষৰ প্ৰথমার্ধত কৃষি খণ্ডৰ বিকাশৰ হাৰ অপৰিৱৰ্তিত হৈ আছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথমার্ধত ঔদ্যোগিক খণ্ডৰ বিকাশ ৬ শতাংশ বৃদ্ধি হৈছে আৰু প্রথম ত্রিমাসিকত ইয়াৰ বিকাশৰ হাৰ ৮ দশমিক ৩ শতাংশ বৃদ্ধি হৈছিল। সেৱা খণ্ডত প্রথমার্ধত বিকাশৰ হাৰ ৭ দশমিক ১ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সমীক্ষা অনুসৰি দেশৰ বিত্ত খণ্ড ক্রমান্বয়ে উন্নত হৈছে।
নিয়োগ খণ্ডত দেশত ১৫ বছৰ বা ততোধিক বয়সৰ নিবনুৱাৰ হাৰ ২০১৭-১৮ বৰ্ষৰ ৬ শতাংশৰ পৰা ২০২৩-২৪ বর্ষত ৩ দশমিক ২ শতাংশলৈ হ্রাস পাইছে বুলি সমীক্ষাটোত কোৱা হৈছে।