সংসদৰ বাজেট অধিৱেশন অহা ৩১ জানুৱাৰীত আৰম্ভ হ‘ব। বাজেট অধিৱেশনৰ প্ৰথম দিনা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট দাখিল কৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় ৩১ জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায় ১০ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ অনুষ্ঠিত হ‘ব।