ডাউনলোড
মোবাইল এপ

android apple
signal

সংসদৰ উভয় সদনৰ কামকাজ আজি দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ বিষয়টো সন্দৰ্ভত ডি এম কে আৰু অন্যান্য বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদৰ মাজতে আজি সাংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয় । লোকসভাৰ কামকাজ দ্বিতীয়বাৰৰ বাবে স্থগিত হোৱাৰ পাছত দিনৰ ২ বজাত ইয়াৰ কামকাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত ডি এম কেৰ সাংসদসকলে বিষয়টোৰ প্ৰতিবাদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে এই বিষয়টোক লৈ বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সদনৰ কামকাজ দুবাৰকৈ স্থগিত ঘোষণা কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডি এম কে সদস্যসকলৰ প্ৰতিবাদীৰ বিৰোধিতা কৰি সদনৰ কামকাজ নিয়ম অনুসৰি চলাই নিয়া হ’ব বুলি ঘোষণা কৰে। শ্রী বিৰলাই কেইগৰাকীমান সদস্যই সদনৰ নিয়ম আৰু মৰ্যদা ভংগ কৰা বুলি তেওঁ মন্তব্য কৰে। প্ৰতিবাদী সদস্যসকলে বিষয়টো শ্লোগান উল্লেখ থকা টি-ছাৰ্ট পৰিধান কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ পাছত অধ্যক্ষই তেওঁলোকক সদন ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতো ডি এম কে আৰু আন কেতবোৰ বিৰোধী সাংসদে পৰিস্থিতি পুনৰ উত্তপ্ত কৰি তোলে।

একেটা বিষয়তেই ৰাজ্যসভাৰ কামকাজো আজি চাৰিবাৰকৈ স্থগিত ৰখা হয়। তৃতীয়বাৰ সদন স্থগিত হোৱাৰ পাছত ২ বজাত ইয়াৰ কামকাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে সদনত উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ কামকাজ দিনটোৰ বাবে স্থগিত ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক