সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন দিল্লীৰ সংসদ ভৱনত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বাজেট অধিবেশনৰ কাম-কাজসমূহ নিয়াৰিকৈ চলাই নিবৰ বাবে চৰকাৰে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে কয়, যে বাজেট অধিবেশনৰ আৰম্ভণিতে কাইলৈ ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সংসদৰ দুয়োখন সদনক সম্বোধি ভাষণ দিব। ইয়াৰ পাছতে এটা অর্থনৈতিক সমীক্ষা প্ৰকাশ কৰা হ‘ব আৰু শনিবাৰে কেন্দ্ৰীয় বাজেট দাখিল কৰা হ‘ব। শ্রী ৰিজিজুৱে কয়, যে এই অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত আলোচনা হোৱাৰ লগতে বাজেট সন্দৰ্ভতো আলোচনা কৰা হ‘ব। অহা ১৩ ফেব্ৰুৱাৰীত বাজেট অধিৱেশনৰ অন্ত পৰিব। ইয়াৰ পাছত ১০ মাৰ্চত পুনৰ বাজেট অধিবেশন অনুষ্ঠিত হ‘ব। সদনত ইতিমধ্যে ১৬ খন বিধেয়ক আৰু ১৯ টা কাৰ্যসূচী তালিকাভুক্ত কৰা হৈছে। ইপিনে, অহা ৫ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানীত নির্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত সদনৰ কাম-কাজ বন্ধ থাকিব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজিৰ সৰ্বদলীয় বৈঠকত প্ৰতিৰক্ষা মন্ত্রী তথা লোকসভাৰ উপনেতা ৰাজনাথ সিং, স্বাস্থ্য মন্ত্রী তথা ৰাজ্যসভাৰ নেতা জে পি নাড্ডা, কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশ আৰু গৌৰৱ গগৈ, টি এম চিৰ সাংসদ সুদীপ বন্দোপাধ্যায়, সমাজবাদী পার্টীৰ সাংসদ ৰামগোপাল যাদৱ, বি জে ডিৰ সাংসদ ছচমীত পাত্র, ডি এম কেৰ সাংসদ টি আৰ বাৰুল লগতে ভালে কেইগৰাকী সাংসদে অংশগ্রহণ কৰে।
Site Admin | January 30, 2025 8:51 PM | Parliyament session
সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক অনুষ্ঠিত
