ডাউনলোড
মোবাইল এপ

android apple
signal

November 25, 2024 7:01 PM | Parliyament session

printer

সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত

এজন ভাৰতীয় উদ্যোগপতি আৰু তেওঁৰ সংস্থাৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ৱাফ সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত উভয় সদনৰে কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত আজি সদনৰ পূৰ্বৱৰ্তী অধিৱেশনৰ পাছৰ সময়ছোৱাত মৃত্যু হোৱা ছগৰাকী প্ৰাক্তন সাংসদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতেই বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই এগৰাকী উদ্যোগপতিৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগৰ বিষয়টো উত্থাপনৰ চেষ্টা কৰে। কংগ্ৰেছ, ডি এম কে, আৰ জে ডি, সমাজবাদী পাৰ্টী, আম আদমী পাৰ্টী আৰু বাওঁপন্থী দলৰ সদস্যসকলেও তেওঁৰ সমৰ্থনত ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ উদ্যোগপতি গৰাকী সন্দৰ্ভত সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুমতি দিয়াৰ দাবী জনায়। সভাপতি জগদীপ ধনখড়ে উত্তেজিত সদস্যসকলক ক্ষান্ত কৰিবলৈ বাৰম্বাৰ অনুৰোধৰ প্ৰতি বিৰোধী সদস্যসকলে কৰ্ণপাত নকৰাত সভাপতিয়ে সদনৰ কাম-কাজ স্থগিত ৰাখে। ইয়াৰ পাছত দিনৰ ১১ বাজি ৪৫ মিনিটত সদন পুনৰ মিলিত হোৱাৰ সময়তো বিৰোধী পক্ষৰ সদস্যসকল তেওঁলোকৰ দাবীত অটল থকাত সভাপতিয়ে দিনটোৰ বাবে সদনৰ কাম-কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। লোকসভাতো আজি নিম্ন সদনৰ দুগৰাকী বৰ্তমানৰ সদস্য বসন্ত ৰাও চবন আৰু শ্বেখ নুৰুল ইছলামৰ বিয়োগত শ্রদ্ধা নিবেদনৰ পাছতে বিৰোধী সদস্যসকলে প্রায় একেকেইটা বিষয় লৈ সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ দাবী জনোৱাত সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। অধ্যক্ষ ওম বিৰলাই প্ৰথমে সদনৰ কাম-কাজ ১২ বজালৈ আৰু পাছত দিনটোৰ বাবে স্থগিত ৰাখে।

অধিক পঢ়ক

সকলো চাওক