অষ্টাদশ লোকসভাৰ কালি প্ৰথমখন অধিৱেশনত নৱ-নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ

অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন কালি আৰম্ভ হৈছে। অধিৱেশনৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে অস্থায়ী অধ্যক্ষ ভার্চুহাৰি মহতাবক শপত বাক্য পাঠ কৰোৱায়। অধিৱেশনত প্ৰথমে নৱ-নির্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ভার্তহাৰি মহতাবে শ্রীমোডীক শপতবাক্য পাঠ কৰোৱায়। ইয়াৰ পাছত স্থায়ী অধ্যক্ষ নির্বাচন নোহোৱা পৰ্যন্ত শ্ৰীমহতাবক সহায় কৰিবলৈ নিযুক্তি দিয়া অধ্যক্ষ পেনেলৰ শপত গ্ৰহণ কৰোৱা হয়। বিজেপিৰ সাংসদ ৰাধামোহন সিং আৰু ফগ্গগন সিং কুলাষ্টে অধ্যক্ষ পেনেলৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অৱশ্যে কংগ্ৰেছৰ সাংসদ কে সুৰেশ, ডি এম কে সাংসদ টি আৰ বালু আৰু তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপধ্যায়ে পেনেলৰ সদস্য হিচাপে শপত লোৱাৰ পৰা বিৰত থাকে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান, নীতিন গাডকাৰীকে ধৰি অনান্য মন্ত্ৰীসকলে লোকসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। অসমৰ ৯গৰাকী সাংসদে অসমীয়া ভাষাত শপত গ্ৰহণ কৰে। তেওঁলোক হ’ল কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ,কাজিৰঙাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। আনহাতে দৰং-ওদালগুৰি সমষ্টিৰ দিলীপ শ‍ইকীয়াই সংস্কৃত ভাষাত, শিলচৰ সাংসদ পৰিমল শুক্লবৈদ্যই বাংলা ভাষাত, কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে বড়ো ভাষাত, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা আৰু ডিফুৰ সাংসদ অমৰ সিং তিচই ইংৰাজী ভাষাত শপত লয়। কালি অধিবেশনত দেশৰ কেইবাজনো সাংসদে আঞ্চলিক ভাষাত শপত গ্ৰহণ কৰে। কে ৰামমোহন নাইডুৱে তেলেগু ভাষাত, কেন্দ্ৰীয় মন্ত্রীদ্বয় এইছ ডি কুমাৰাস্বামী আৰু প্ৰহ্লাদ যোশীয়ে কানাড়া ভাষাত শপত গ্ৰহণ কৰাৰ বিপৰীতে ধর্মেন্দ্ৰ প্ৰধান আৰু জুৱেল ওৰামে ওড়িয়া ভাষাত শপত গ্ৰহণ কৰে৷ ইপিনে, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ শপত গ্ৰহণৰ সময়ত বিৰোধী দলৰ সদস্যসকলে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত হোৱা ত্রুটি সন্দৰ্ভত শ্ল’গান দি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। লোকসভাৰ নতুন অধ্যক্ষ নির্বাচন হোৱাৰ লগতে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে অহা বৃহস্পতিবাৰে সংসদৰ দুয়োখন সদনৰে যুটীয়া বৈঠকত ভাষণ দিব। সেইদিনাই ৰাজ্যসভাৰ অধিবেশন আৰম্ভ হ’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাক ৰাজ্যসভাত দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে। কালি অধিবেশনৰ কাৰ্যসূচী স্থগিত ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে ৩ জুলাইত সংসদৰ অধিবশনৰ সামৰণি পৰিব। ইপিনে, লোকসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধী দলৰ সদস্যসকলে সংবিধানৰ প্ৰতিলিপি লৈ সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীকে ধৰি কেইবাগৰাকী সদস্যই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক