সংসদে বিত্ত বিধেয়ক ২০২৪, বিনিয়োজন বিধেয়ক ২০২৪ আৰু জম্মু-কাশ্মীৰ বিনিয়োজন বিধেয়ক ২০২৪ গ্ৰহণ কৰিছে। ৰাজ্যসভাই কালি আলাপ-আলোচনাৰ অন্তত এই বিধেয়ক কেইখন লোকসভালৈ ঘূৰাই পঠায় । লোকসভাত ইতিমধ্যে বিধেয়ক কেইখন গৃহীত হৈছে। ইয়াৰ লগে লগে সংসদে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট প্রক্রিয়াও সম্পূর্ণ কৰে। বিত্ত বিধেয়কে ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰে। বিনিয়োজন বিধেয়কৰ জৰিয়তে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সেৱাসমূহৰ বাবে একীকৃত পুঁজিৰ পৰা ধনাদায় আৰু বিনিয়োজনক ক্ষমতা প্ৰদান কৰা হয় ৷
ৰাজ্যসভাৰ বিধেয়ক তিনিখন সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি কয় যে, চৰকাৰে কোৱিডৰ পাছৰে পৰা অহৰহ মূলধনী ব্যয়ত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই শিতানত অধিক ধন ব্যয় কৰি আহিছে। তেওঁ কয় যে, ২০২৩-২৪ বৰ্ষত ফলপ্রসূ মূলধনী ব্যয় ১৫ লাখ ২ হাজাৰ কোটি টকা অথবা ১৮ শতাংশ বুলি গণ্য কৰিব পৰা যায়। তেওঁ কয় যে, চৰকাৰে ভাৰতীয় অর্থব্যৱস্থাই নিজাববীয়া গোলকীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা উচিত বুলি বিবেচনা কৰি মূলধনী ব্যয়ত গুৰুত্ব আৰোপ কৰি আহিছে। মূলধনী ব্যয়ৰ এনে প্ৰচেষ্টাৰ বাবে ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থাৰ অন্যতম হৈ আছে আৰু এই বছৰো সবাতোকৈ দ্রুত বিকাশশীল অর্থ ব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমনে কয় যে, ২০২৪-২৫ বৰ্ষত ৰাজ্যসমূহলৈ হস্তান্তৰৰ বাবে প্ৰস্তাৱিত মুঠ সম্পদ ২২ লাখ ৯১ হাজাৰ কোটি টকা হ’ব বুলি পূর্বানুমান কৰা হৈছে। এই পৰিমাণ ২০২৩-২৪ বৰ্ষৰ তুলনাত ২ লাখ ৪৯ হাজাৰ কোটি টকা অধিক। তেওঁ কয় যে, এই বছৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত খৰচৰ বাবদ ধাৰ্য কৰা ধনৰ পৰিমাণ যোৱা বছৰৰ ৬১ হাজাৰ ১১৮ কোটি টকাৰ পৰা ৬৮ হাজাৰ ৬৬০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। নির্মাণ খণ্ড সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ঘৰুৱা কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি, অহা ৫ বছৰত গোলকীয় মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ উচ্চ আৰু বহনক্ষম বিকাশ সুনিশ্চিত কৰাৰ উদ্দেশ্যে নির্মাণ খণ্ডত সহায় আগবঢ়োৱাৰ বাবে ভালেমান পদক্ষেপ লোৱা হৈছে। বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ খণ্ডন কৰি শ্ৰীমতী সীতাৰমনে কয় যে, বাজেটত কৃষি আৰু আনুষংগিক খণ্ডৰ বাবে ধাৰ্য কৰা ধন কৰ্তন কৰা হোৱা নাই বৰং এনে খণ্ডৰ বাবে ধাৰ্য কৰা ধন বৃদ্ধিহে কৰা হৈছে। তেওঁ কয় যে, ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে কৃষি খণ্ডৰ বাবে পূৰ্বৰ ১ লাখ ৪৪ হাজাৰ কোটি টকাৰ বিপৰীতে ১ লাখ ৫২ হাজাৰ কোটি টকা আছুতীয়াকৈ ৰাখিছে। এইবাৰৰ বাজেটত মহিলা আৰু শিশু বিকাশৰ বাবেও যথেষ্ট ধন আবণ্টন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৩-১৪ বৰ্ষৰ বাজেটত এই শিতানৰ বাবে মাত্র ৯৬ হাজাৰ কোটি টকা আবণ্টন কৰাৰ বিপৰীতে এইবেলি এই শিতানৰ বাবে ৩ লাখ ২৭ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে। ৰে’ল বাজেট সন্দৰ্ভত শ্ৰীমতী সীতাৰমনে কয় যে, ৰে’ল বাজেটক মুখ্য বাজেটৰ সৈতে চামিল কৰাৰ পাছৰে পৰা আবণ্টিত ধনৰাশি কম হোৱা নাই বৰং বৃদ্ধিহে পাইছে। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে প্রধানমন্ত্ৰী জন-ধন একাউণ্ট বা ন্যূনতম বুনিয়াদী ছেভিং বেংক একাউণ্ট ধাৰকসকলৰ ক্ষেত্ৰত ন্যূনতম জমা ধনৰাশিৰ নিয়ম প্রযোজ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। মুঠ ৬৫ কোটি বুনিয়াদী ছেভিং বেংক একাউণ্টৰ ভিতৰত ৭২ কোটিয়েই জন-ধন একাউণ্ট বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। স্বাস্থ্য আৰু জীৱন বীমাৰ কিস্তিৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ প্ৰত্যাহাৰৰ বাবে বিৰোধী পক্ষই জনোৱা দাবী সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এই সন্দৰ্ভত সামগ্ৰী আৰু সেৱাকৰ পৰিষদেহে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ তেওঁ কয় যে, চিকিৎসা বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰৰ বিষয়টো সম্পূৰ্ণ ৰূপে সামগ্ৰী আৰু সেৱা কৰৰ পৰিষদৰ আওতাৰ বিষয়।
ইয়াৰ পূৰ্বে আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ বিবেক তনখাই দেশৰ মহিলাসকলৰ বাবে কৰৰ বিশেষ স্তৰৰ ব্যৱস্থা নাই বুলি মন্তব্য কৰে। তেওঁ মহিলা উদ্যামীসকলৰ বাবে সুকীয়া কাৰ্য চৌহদৰ দাবী জনায়। বিজেপিৰ ৰমিলাবেন বাৰাই আলোচনাত ভাগ লৈ এইবাৰৰ বাজেটখনক দুখীয়া, গ্ৰামাঞ্চলৰ জনসাধাৰণ, যুব প্ৰজন্ম আৰু মহিলাৰ বাজেট আখ্যা দিয়ে। তেওঁ কয় যে বিত্ত মন্ত্ৰীগৰাকীয়ে বিধেয়কখনত মহিলাৰ উপকাৰৰ অৰ্থে বিভিন্ন ব্যৱস্থাৰ প্রস্তাব দিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ দোলা সেনে জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ওপৰত আৰোপিত ১৮ শতাংশৰ সামগ্ৰি আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। একেদৰে ৱাই এছ আৰ চি পিৰ সাংসদ ভি বিজয়ছাই ৰেড্ডীয়ে বিত্তমন্ত্ৰীক বিভিন্ন আঁচনিৰ অধীনত সকলো ছেভিং একাউণ্টক জিৰ বেলেন্স একাউণ্টলৈ পৰিৱৰ্তন কৰিবলৈ অনুৰোধ জনায়। আম আদমী পাৰ্টীৰ সঞ্জয় সিং, বি জে ডিৰ দেৱাশিষ ছামন্তৰে আৰু ডি এম কেৰ কানীমোড়ি এন ভি এন ছমুৱে আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে ৰাজ্যসভাই বিশেষ প্ৰস্তাৱ সম্পর্কে আলোচনা কৰে। ইয়াৰ অধীনত সাংসদসকলে ৰাজহুৱা গুৰুত্বৰ বিভিন্ন বিষয় উত্থাপন কৰে। পাছত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।