ডাউনলোড
মোবাইল এপ

android apple
signal

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সংসদৰ অনুমোদন

সংসদে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অনুমোদন জনাইছে। ৰাজ্যসভাই আলোচনাৰ অন্তত কালি বিত্ত বিধেয়ক ২০২৫ আৰু ৩ নম্বৰ বিনিয়োজন বিধেয়ক লোকসভালৈ ঘূৰাই পঠিওৱাৰ লগে লগে বাজেট প্রক্রিয়া সম্পূর্ণ হয়। লোকসভাই মঙলবাৰে বিধেয়কখনত অনুমোদন জনাইছিল। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱসমূহত মঞ্জুৰি প্ৰদান কৰাই বিত্ত বিধেয়কৰ মূল উদ্দেশ্যে। বিত্ত বিধেয়ক ২০২৫ আৰু ৩ নম্বৰ বিনিয়োজন বিধেয়ক সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী নির্মলা সীতাৰমনে কালি কয়, যে কৰ নিশ্চয়তা, ব্যৱসায়িক সূচলতা আৰু কৰদাতাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন বিত্ত বিধেয়কৰ মূল লক্ষ্য। আয়কৰৰ নতুন স্তৰসমূহে কৰ ব্যৱস্থা অধিক সৰল কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। শ্ৰীমতী সীতাৰমনে কয়, যে বিত্ত বিধেয়কত একাংশ ঔদ্যোগিক সামগ্ৰীৰ ওপৰত আৰোপিত সীমা শুল্ক প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিয়া হৈছে। তেওঁ কয়, যে ইয়াৰ ফলত ভাৰতীয় ৰপ্তানীকাৰীসকল অধিক প্ৰতিযোগিতামূলক হৈ উঠিব। তেওঁ লগতে কয়, যে ইখনৰ পাছত সিখন বাজেটত চৰকাৰে দেশক বেটাৰীৰ নিৰ্মাণ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ আকাংক্ষা পূৰণৰ উদ্দেশ্যে শুল্ক হ্ৰাস কৰি আহিছে। উৎসতে কৰ্তন কৰা কৰ, টি ডি এছৰ হাৰ যুক্তিসংগত কৰি তোলাটো বিত্ত বিধেয়কৰ মূল আকৰ্ষণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত টি ডি এছ সংগ্ৰহৰ আৱশ্যকতা সম্পূৰ্ণ ৰূপে নাইকীয়া কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে এনে ধৰণৰ পদক্ষেপে কৰ মূল্যায়নত সহায় কৰে। বিত্ত বিধেয়কত সমতা সন্দৰ্ভত পেন্সনধাৰকসকলে জনাই অহা দাবীৰ প্ৰতি সহমত প্ৰকাশ কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমনে উল্লেখ কৰে। তেওঁ সকলো পেন্সনধাৰকৰ বাবে সম ব্যৱহাৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে বাজেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বেতন আৰু সা-সুবিধা সংশোধনৰ বাবে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। শ্ৰীমতী সীতাৰমনে কয়, যে ইউ পি এৰ শাসন কালত ভাৰতবৰ্ষক বিশ্বৰ পাঁচটা দূৰ্বল অর্থব্যৱস্থাৰ অন্যতম বুলি গণ্য কৰা হৈছিল যদিও দেশ কেইবছৰ মানৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা ৰূপে পৰিগণিত হ’ব। ইয়াৰ আগেয়ে আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ পি চিদাম্বৰমে কয়, যে দেশৰ খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতি, শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ব্যয় আৰু কৰ্ম সংস্থাপনহীনতাৰ হাৰ বৃদ্ধি পাইছে। তেওঁ কয়, যে দেশ বর্ধিত কর্মসংস্থাপনহীনতা, স্থিৰ পাৰিশ্রমিক, সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস, ভাৰতীয় টকাৰ মূল্যৰ অৱনমন, ঘৰুৱা ঋণ বৃদ্ধি আৰু ঘৰুৱা সঞ্চয় হ্ৰাসৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। চৰকাৰে শিক্ষা, স্বাস্থ্য আৰু অন্যান্য শিতানৰ ধন কৰ্তন কৰা বুলি কংগ্ৰেছ সাংসদগৰাকীয়ে দাবী কৰে। বিজেপিৰ আৰ পি এন সিঙে আলোচনাত ভাগ লৈ কয়, যে দেশে যোৱা দশকত খেতিয়কৰ পৰা দুৰ্বল শ্ৰেণীলৈকে সকলো ক্ষেত্ৰতে প্ৰগতি লাভ কৰিছে। তেওঁ কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে মধ্যবিত্ত শ্ৰেণী আৰু খেতিয়কসকলক সবল কৰি তোলাৰ বাবে ভালেমান পদক্ষেপ লৈছে। তেওঁ কয়, যে সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ব্যৱস্থাৰ পৰা দেশ উপকৃত হৈছে। তৃণমূল কংগ্ৰেছৰ সাগৰিকা ঘোষে বিভিন্ন সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ হোৱা নাই আৰু দুখীয়া লোকসকলৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে বুলি দাবী কৰে। তেওঁ লগতে ব্যক্তিগত বিনিয়োগো হ্ৰাস পোৱা বুলি উল্লেখ কৰে। আম আদমী পাৰ্টীৰ ৰাঘব চদ্ধাই আলোচনাত ভাগ লৈ কয়, যে জনসাধাৰণে উন্নত ৰাষ্ট্ৰৰ দৰে কৰ আদায় দিয়ে যদিও উপ ছাহাৰা অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ দৰে সেৱাহে লাভ কৰে। চি পি আই এমৰ ড° জন ব্রিটাছে দেশত সহযোগিতামূলক যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে ক্ৰনী যুক্তৰাষ্ট্রবাদেহে ঠন ধৰিব উঠিব ধৰিছে বুলি দাবী কৰে। তেওঁ কয়, যে ভাৰতে বিকশিত ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ হ’লে চৰকাৰে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শ মানি চলিব লাগিব।

অধিক পঢ়ক

সকলো চাওক