ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 12:09 PM | Parliyment

printer

সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান লোকসভাৰ সচিবালয়ৰ

লোকসভাৰ সচিবালয়ে সাংসদসকলক সংসদ ভৱনৰ প্ৰৱেশ দুৱাৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে। সচিবালয়ে কালি প্ৰকাশ কৰা এই আহ্বানত কয়, যে সংসদৰ অধিৱেশন চলি থকা সময়ত প্ৰৱেশদ্বাৰত এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিলে সংসদৰ কাৰ্যক্ৰমণিকা বাধাপ্রাপ্ত হয় বুলি লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ সভাপতিয়ে আহ্বান জনাইছে। সংসদ আৰু ইয়াৰ সদস্যসকলৰ সুৰক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি সচিবালয়ৰ এই বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক