পেৰিছ পেৰালিম্পিকত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ

■ পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনটোত নিশাদ কুমাৰে পুৰুষৰ হাই জাম্প T-47 শিতানত ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। ভাৰতে এই পর্যন্ত এটা সোণ, দুটা ৰূপ, আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে৷ মহিলাৰ বেডমিণ্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰমাদাছক পৰাস্ত কৰি মহিলাৰ একক S-U-5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে আজি চীনৰ কিউ জিয়া ইয়াঙৰ মুখামুখি হব। আনহাতে ব্ৰঞ্জৰ পদকৰ বাবে হবলগীয়া খেলখনত ডেনমার্কৰ কেথ্রিন ৰ’জেনগ্রেন, মনীছাৰ মুখামুখি হব। পুৰুষৰ একক S-L-3 ছেমিফাইনেলত ভাৰতীয় শ্বাটলাৰ নিতেশ কুমাৰে জাপানৰ দৈছুকে ফুজিহাৰাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত ভাৰতীয় খেলুৱৈগৰাকীয়ে ব্ৰিটেইনৰ বেথেল ডেনিয়েলৰ মুখামুখি হব। ইফালে সুকান্ত কদমক ২১-১৭, ২১-১২ ছেটত পৰাস্ত কৰি সুহাস যথিৰাজে S-L4 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত যথিৰাজে টকিঅ’ পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে আৰু ব্ৰঞ্জৰ পদকৰ বাবে সুকান্তে ইণ্ডোনেছিয়াৰ ফ্ৰেডী চেটিয়াৱানৰ বিৰুদ্ধে প্ৰতিযোগীতাত অৱতীৰ্ণ হব। টেবুল টেনিছত ভবিনাবেন পেটেলে মেক্সিক’ৰ মার্থা ভার্ডিনক পৰাস্ত কৰি W-S-4 শিতানৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক