September 5, 2024 12:21 PM | Paris Paralympics 2024

printer

পেৰিছ পেৰালিম্পিকত সোণৰ পদক জয়েৰে হৰবিন্দ সিঙৰ ইতিহাস ৰচনা

হৰবিন্দ সিঙে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ আৰ্চাৰীৰ ৰিকাৰ্ভ শিতানৰ ব্যক্তিগত শাখাত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছে। হৰবিন্দৰে কালি সোণৰ পদক হস্তগত কৰি পেৰালিম্পিক অথবা অলিম্পিকৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। একেদৰে ধৰ্মবীৰে পুৰুষৰ ক্লাৱ থ্ৰৰ এফ 51 শিতানৰ ফাইনেলত ৩৪ দশমিক ৯-২ মিটাৰলৈ দলিয়াই এছীয়ান অভিলেখ ভংগ কৰাৰ লগতে স্বৰ্ণ পদক হস্তগত কৰে। এই একেটা শিতানত প্ৰণৱ সুৰমাই ৩৪ দশমিক ৫-৯ মিটাৰলৈ দলিয়াই ৰূপৰ পদক অর্জন কৰে। ইয়াৰ পূৰ্বে বিশ্ব চেম্পিয়ন শচীন সৰ্জেৰাও খিলাৰীয়ে পুৰুষৰ শটপুটৰ এফ 46 শিতানত ৰূপৰ পদক লাভ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ একেটা সংস্কৰণত সৰ্বাধিক পদক জয় কৰাৰ বাবে পেৰিছ পেৰালিম্পিকত পদক জয়ী দেশৰ সকলো খেলুৱৈক অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, এই সাফল্যই ভাৰতীয় খেলুৱৈসকলৰ একাগ্ৰতা, নিষ্ঠা আৰু দৃঢ়তা প্ৰতিফলিত কৰিছে। প্রতিযোগিতাত আজি অষ্টম দিনা ভাৰতীয় দলে পেৰা আৰ্চাৰীত ভাল প্ৰদৰ্শনেৰে অভিযান সামৰাৰ চেষ্টা কৰিব। সোণৰ পদক জয়ী হৰবিন্দ সিঙে আজি দ্বিতীয়টো পদক জয়ৰ লক্ষ্যৰে ৰিকাৰ্ভ অপেন শিতানৰ মিক্সড দলীয় শাখাত অৱতীৰ্ণ হব। একেদৰে কপিল পৰমাৰ আৰু ককিলাই ব্লাইও জুডো শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত ৫টা সোণ, ৯টা ৰূপ আৰু ১০টা ব্ৰঞ্জ সহ ২৪টা পদক লাভ কৰি পদক তালিকাৰ ত্ৰয়োদশ স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক