September 3, 2024 12:13 PM | Paris Paralympics 2024

printer

পেৰিছ পেৰাঅলিম্পিকত সুমিত আন্তিল আৰু নিতেশ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সুমিত আন্তিল নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫-৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই এই কৃতিত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ পেৰা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ভাৰতৰ নিতেশ কুমাৰে ডেনিয়েল বেটহেলক ২১-১৪, ১৮-২১, ২৩-২১ গেমত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে । একেদৰে পুৰুষৰ ছিংগলছৰ SL-4 শিতানত ভাৰতৰ সুহাছ য়াথীৰাজেও ৰূপৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে ৯–২১, ১৩-২১ গেমত পৰাজিত হয়। ইপিনে মহিলাৰ ছিংগলছৰ SU-5 শিতানত ভাৰতৰ পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে ৰূপৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকী ফাইনেলত চীনৰ য়াং কিউজিয়াৰ বিৰুদ্ধে পৰাজিত হয়। আন এগৰাকী ভাৰতীয় খেলুৱৈ মনিষা ৰামাদাসে মহিলাৰ ছিংগলছৰ SU-5 শিতানত ডেনমাৰ্কৰ কেথ্ৰিন ৰ’জেনগ্ৰেনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে। মহিলাৰ ছিংগলছৰ SH-6 শিতানত ইন্দোনেছিয়াৰ ৰীনা মালিনাক ২১-১৪, ২১-৬ গেমত পৰাস্ত কৰি ভাৰতৰ নিত্যা শ্রী শিবানে ব্ৰঞ্জৰ পদক দখল কৰিছে। ইপিনে ভাৰতৰ শীতল দেৱী আৰু ৰাকেশ কুমাৰৰ যুটীটোৱে পেৰা আৰ্চাৰীৰ মিক্সড টীম কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে। চলিত পেৰালিম্পিকছৰ পঞ্চম দিনা কালি ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F-56 শিতানৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। এয়া হ’ল পেৰালিম্পিকছত খেলুৱৈগৰাকীৰ একেৰাহে দ্বিতীয়টো ৰূপৰ পদক। এই পদকসমূহ জয় কৰাৰ সুবাদত ভাৰত সম্প্ৰতি ৩টা সোণ, ৫টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ১৫টা পদকেৰে পইণ্ট তালিকাৰ পঞ্চদশ স্থানত আছে। প্ৰতিযোগিতাত আজি শ্বুটাৰ অৱনী লেখাৰাই দ্বিতীয়টো সোণৰ পদকৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অৱনীৰ লগতে মনা আগৰৱালে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিছনছৰ SH-1 শিতানত প্রতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে মহিলাৰ ৰিকাৰ্ভ আৰ্চাৰীত ভাৰতৰ পূজাই পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। একেদৰে মহিলাৰ শ্ব’টপুটৰ F-34 শিতানৰ ফাইনেলত ভাৰতৰ ভাগ্যশ্রী যাদৱে শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ প্ৰয়াস কৰিব। পুৰুষৰ হাই জাম্পৰ T-63 শিতানৰ ফাইনেলত ভাৰতৰ মৰিয়াপ্পন থাংগাভেলু, শৈলেশ কুমাৰ আৰু শাৰদ কুমাৰেও দেশৰ হৈ পদক অৰ্জনৰ প্ৰয়াস চলাব।

অধিক পঢ়ক

সকলো চাওক