পেৰিছ পেৰালিম্পিক প্ৰতিযোগিতা কালি নিশা বৰ্ণিল কাৰ্যসূচীৰে সামৰণি পৰে। বিশ্বৰ ১৬৮টা পেৰালিম্পিক প্রতিনিধি দলৰ ৪ হাজাৰ ৪০০ খেলুৱৈৰ উপস্থিতিত দেশখনৰ লোক সংস্কৃতি আৰু সংগীতৰ পৰিৱেশনেৰে সামৰণী অনুষ্ঠান অধিক মননশীল কৰি তোলে। পেৰিছৰ মেয়ৰ এন্নে হিডালগোৱে পেৰালিম্পিকৰ পতাকা আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক সমিতিৰ সভাপতি এণ্ড্ৰিউ পাৰ্ছনছৰ হাতত তুলি দিয়ে আৰু এণ্ড্ৰিউ পাৰ্ছনছে এই পতাকা লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বাছক প্ৰদান কৰে। উল্লেখযোগ্য যে ২০২৮ চনৰ পেৰালিম্পিক লছ এঞ্জেলছত অনুষ্ঠিত হ’ব। ভাৰতে এইবাৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৯টা পদক লাভ কৰে৷
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকত ভাৰতীয় দলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পেৰিছ পেৰালিম্পিকত লাভ কৰা ২৯টা পদক হৈছে ভাৰতে এতিয়ালৈকে পূৰ্বৰ ১৩খন আন খেলত লাভ কৰা ৬০টা পদকৰ প্ৰায় আধা। ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয়, ২০১৬ চনলৈকে ১১খন পেৰালিম্পিকত ভাৰতে ১২টা পদক লাভ কৰিছিল৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, এই পদকৰ জৰিয়তে খেলুৱৈসকলে ভাৰতক এক বিশেষ মর্যাদা প্রদান কৰিলে। তেওঁ পেৰালিম্পিকৰ খেলুৱৈৰ দলটোৰ সৈতে জড়িত সকলো লোককে অভিন্দন জ্ঞাপন কৰে ৷