পেৰিছ পেৰালিম্পিকত চাৰিটা পদকৰে পদক তালিকাত ভাৰতৰ নাম অন্তৰ্ভুক্ত

পেৰিছ পেৰালিম্পিকৰ আজি দ্বিতীয় দিনা ভাৰতে এটা সোণ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে তিনিটা পদক লাভ কৰি পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। টকিঅ’ পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অৱনি লেখাৰাই পেৰিছতো এছ এইচ ৱান শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত ২৪৯ দশমিক ৭ পইণ্টেৰে অভিলেখ গঢ়ি পুনৰ সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে একেটা শাখাতে মনা আগৰৱালে ২২৮ দশমিক ৭ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইফালে, ১০০ মিটাৰ স্ক্ৰীণ্টৰ মহিলাৰ শাখাত প্ৰীতি পালে ১৪ দশমিক ২ – ১ ছেকেণ্ডৰ সৰ্বোচ্চ ব্যক্তিগত অভিলেখেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। পুৰুষৰ খেলত শ্বুটাৰ মণীষ নাৰৱালে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ২৩৪ দশমিক ৯ পইণ্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। বেডমিণ্টন খেলুৱৈ সুহাষ এথিৰাজে দক্ষিণ কোৰিয়াৰ প্ৰতিপক্ষক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক