ডাউনলোড
মোবাইল এপ

android apple
signal

September 6, 2024 1:36 PM | Paris Paralympics 2024

printer

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোত কপিল পৰমাৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতৰ কপিল পৰমাৰে কালি ব্ৰাজিলৰ এলিয়েলটন ডি অলিভেৰিয়াক ১০-০ ফলাফলত পৰাস্ত কৰি পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ পেৰা জুডোৰ জে ওৱান শিতানৰ ৬০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অর্জন কৰে। পেৰালিম্পিকৰ ইতিহাসত জুডোত ভাৰতৰ এয়া প্ৰথমটো পদক। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেলুৱৈগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে যে কপিলে অলেখ বাধা নেওচি পেৰালিম্পিকৰ ইতিহাসত জুডোত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কৈছে যে খেলুৱৈগৰাকীয়ে তেওঁৰ নিষ্ঠা, একাগ্ৰতা আৰু দক্ষতাৰ বলত এই সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। আনহাতে, প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে এয়া সঁচাকৈ স্মৰণীয় প্ৰদৰ্শন আৰু বিশেষ পদক। প্ৰতিযোগিতাৰ আজি নৱম দিনা ভাৰতীয় খেলুৱৈসকল এথলেটিকছ আৰু পাৱাৰ লিফ্‌টিং শিতানত শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। কস্তুৰি ৰাজামণিয়ে মহিলাৰ পাৱাৰ লিটিঙত ৬৭ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত দেশক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে প্ৰবীণ কুমাৰে পুৰুষৰ হাই জাম্পত টি-৪৪, টি-৬২, টি-৬৪ শিতানৰ ফাইনেলত ভাগ ল’ব। একেদৰে দিপেশ কুমাৰে পুৰুষৰ জেভলিন থ্ৰ’ৰ এফ-৫৪ শিতানৰ ফাইনেলত পদক জয়ৰ চেষ্টা চলাব। ভাৰত বৰ্তমানলৈকে ৫টা সোণ, ৯টা ৰূপ আৰু ১১টা ব্ৰঞ্জসহ মুঠ ২৫টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাত ষোড়শ স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক