September 4, 2024 12:28 PM | Paris Paralympics 2024

printer

পেৰিছ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ২০ টালৈ বৃদ্ধি

পেৰিছ পেৰালিম্পিকত ভাৰতে কালি ৫টাকৈ পদক লাভ কৰে। এই পদক জয়েৰে ভাৰতে এতিয়ালৈকে লাভ কৰা মুঠ পদকৰ সংখ্যা ২০টালৈ বৃদ্ধি হল৷ ইয়াৰে ৩টা সোণ, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক অভিন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, এইসকল খেলুৱৈক লৈ ভাৰত আজি গর্বিত। কালি অনুষ্ঠিত মহিলাৰ ৪০০ মিটাৰ টি-২০ শাখাৰ দৌৰত দীপ্তি জীৱনজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ টি ৬৩ হাই জাম্প শাখাত শাৰদ কুমাৰে ৰূপ আৰু মৰিয়প্পান থাংগাভেলুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। পুৰুষৰ জেভেলিন থ্ৰৰ এফ ৪৬ শাখাত ভাৰতৰ অজিত সিঙে ৰূপ আৰু সুন্দৰ গুৰ্জাৰৰ ব্ৰঞ্জৰ পদক লাভ কৰে। আজি খেলৰ সপ্তম দিনত ভাৰতীয় দলটোৱে আন কেইবাটাও প্রতিযোগিতাত পদক জয়ৰ লক্ষৰে অংশগ্ৰহণ কৰিব। ভাৰতীয় কেইবাগৰাকীও প্ৰতিযোগীয়ে আজি চাইক্লিঙেৰে অভিযান আৰম্ভ কৰিব। আনহাতে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৩৫ মিনিটত পুৰুষৰ শ্বটপুট এফ ৪৬ শাখাৰ ফাইনেল খেলখন আৰম্ভ হব৷ ভাৰতৰ শচীন খিলাৰী, মহম্মদ য়াছাৰ আৰু ৰোহিত কুমাৰে এই শাখাত পদক জয়ৰ বাবে চেষ্টা চলাব। ভাৰোত্তোলনত পৰমজীত কুমাৰে পুৰুষৰ ৪৯ কেজি শাখাৰ ফাইনেলত অংশগ্রহণ কৰিব। শুটিঙত নিহাল সিং, ৰুদ্ৰাংশ খাণ্ডেলৱালে মিক্সড ৫০ মিটাৰ পিষ্টল এছ এইচ ১ শাখাত অংশগ্রহণ কৰিব। আৰ্চাৰীত হৰবিন্দ সিঙে টাইপেইৰ চেং লুং-হুইৰ মুখামুখি হব।

অধিক পঢ়ক

সকলো চাওক