September 2, 2024 8:00 PM | Paris Paralympics 2024

printer

পেৰিছ পেৰালিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকৰ পঞ্চম দিনা আজি ভাৰতৰ পেৰা শ্বাটলাৰ নীতেশ কুমাৰে প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ভাৰতক এই প্রতিযোগিতাত দ্বিতীয়টো সোণৰ পদক অৰ্জনৰ গৌৰৱৰ অধিকাৰী কৰে। খেলুৱৈগৰাকীয়ে গ্রেট ব্ৰিটেইনৰ ডেনিয়েল বিথেলক ২১-১৪, ১৮-২১, ২৩-২১ –ত পৰাজিত কৰি পুৰুষৰ ছিংগলছৰ SL3 শিতানত স্বর্ণপদক জয় কৰে। ইপিনে, ভাৰতৰ যোগেশ কাঠুনিয়াই পুৰুষৰ ডিচকাছ থ’ৰ F56 শিতানত ৰূপৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ পদক সংখ্যা ৯ লৈ বৃদ্ধি পাইছে। ইয়াৰ আগেয়ে পেৰা শ্বাটলাৰ থুলচিমথি মুৰুগেচনে আন এটা পদক নিশ্চিত কৰে। খেলুৱৈগৰাকী মহিলাৰ ছিংগছৰ SUS ইভেণ্টত ফাইনেলত প্ৰৱেশ কৰিছে। শীৰ্ষ বাছনিৰ তামিলনাডুৰ মুৰুগেছানে যোৱা নিশা অনুষ্ঠিত ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ২৩-২১, ২১–১৭ ছেটত জয়ী হৈছিল। প্ৰতিযোগিতাৰ ফাইনেলত তেওঁ চীনৰ য়াং কুইজিয়াৰ মুখামুখি হব। ইফালে, ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত মনিষা ৰামাদাসে ব্ৰঞ্জৰ পদকৰ বাবে ডেনমাৰ্কৰ কেথ্রিন ৰজেনগ্ৰেনৰ বিৰুদ্ধে খেলিব। ভাৰতৰ বিশ্বৰ শীৰ্ষ স্থানীয় পেৰা আৰ্চাৰ ৰাকেশ কুমাৰে সামান্য ব্যৱধানত পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰা বঞ্চিত হয়। খেলুৱৈগৰাকীয়ে সুন্দৰ আৰম্ভণি কৰিছিল যদিও চীনৰ প্ৰতিদ্বন্দ্বী হী জিৱাওৰ হাতত ১৪৭- ১৪৬ পইণ্টৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাত ভাৰতে এইপর্যন্ত দুটা সোণ, তিনিটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকসহ মুঠ ৯টা পদক লাভ কৰিছে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে পেৰা শ্বাটলাৰ নীতেশ কুমাৰক সোণৰ আৰু যোগেশ কাঠুনিয়াক ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োগৰাকী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁলোকে নিজৰ নিষ্ঠা আৰু একাগ্ৰতাক প্ৰতীয়মান কৰিছে। দুয়োগৰাকী খেলুৱৈয়ে ভৱিষ্যতেও এনেধৰণৰ সাফল্যৰে দেশক গর্বিত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক