August 12, 2024 6:10 PM | Paris Olympic 2024

printer

বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক ২০২৪-ৰ সামৰণি

ষ্টেড দি ফ্ৰান্সত যোৱানিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে পেৰিছ অলিম্পিক, ২০২৪-ৰ অন্ত পৰে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত থাকে। ইয়াৰ পূৰ্বে ২০২০ৰ টকিঅঅলিম্পিকত ভাৰত এটা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জসহ মুঠ ৭টা পদকেৰে ৪৮ সংখ্যক স্থানত আছিল। পেৰিছ অলিম্পিকৰ কালি শেষৰ দিনা নেডাৰলেণ্ডছৰ ছিফান হাছানে মহিলাৰ মাৰাথনত সোণৰ পদক অৰ্জন কৰে। ৩১ বছৰীয়া এথলিটগৰাকীয়ে ইয়াৰ দুদিন পূৰ্বে ১০ হাজাৰ মিটাৰত আৰু ছদিন পূৰ্বে ৫ হাজাৰ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। এইবাৰৰ অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰই ৪০টা সোণৰ পদকসহ মুঠ ১২৬টা পদকেৰে প্ৰথম স্থানত থাকে। আনহাতে চীনে ৪০টা সোণৰ পদকসহ মুঠ ৯১টা পদকেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে জাপানে ২০টা সোণসহ মুঠ ৪৫টা পদকেৰে তৃতীয় আৰু অষ্ট্ৰেলিয়াই ১৮টা সোণসহ মুঠ ৫৩টা পদকেৰে চতুর্থ স্থান দখল কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে ২০২৮ চনত গ্ৰীষ্ম অলিম্পিক লছ এঞ্জেলছত অনুষ্ঠিত হব। ১৯৩২ আৰু ১৯৮৪ চনৰ পাছত লছ এঞ্জেলছে তৃতীয়বাৰৰ বাবে গ্রীষ্ম অলিম্পিকৰ আয়োজন কৰিছে। লছ এঞ্জেলছত অনুষ্ঠিত হবলগীয়া অলিম্পিকত নতুনকৈ ফ্লেগ ফুটবল, ক্রিকেট, লেক্ৰচ আৰু স্কোৱাচ সংযোজন কৰা হৈছে। পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাষণ দি পেৰিছ ২০২৪ৰ সভাপতি টনি এষ্টাং কুৱেটে সকলো খেলুৱৈ তথা প্রায় ৪৫,০০০ স্বেচ্ছাসেৱক, আয়োজক আৰু সমিতিক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সভাপতি থমাছ বাচে এই গেমছক সফল বুলি অভিহিত কৰি অলিম্পিকৰ পতাকা লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বেছৰ হাতত অৰ্পণ কৰে।

অধিক পঢ়ক

সকলো চাওক