August 5, 2024 12:36 PM | Paris Olympic 2024

printer

পেৰিচ অলিম্পিকত আজি লক্ষ্য সেন মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতীৰ্ণ

চলিত পেৰিচ অলিম্পিকৰ আজি দশম দিনটোত ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয়ৰ লক্ষ্যৰে মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতাৰ্ণ হ’ব। সমগ্ৰ ভাৰতীবাসীৰ আশাৰ দৃষ্টি থাকিবলগীয়া পুৰুষ একক শাখাৰ এই খেলখন সন্ধিয়া ছয় বজাত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে, লক্ষ্যই সফলতা অৰ্জন কৰিলেই ভাৰতৰ প্ৰথম পুৰুষ শ্বাটলাৰ হিচাপে অলিম্পিকত পদক জয় কৰাৰ গৌৰৱ অৰ্জন কৰিব। ইয়াৰ পূৰ্বে কালি হোৱা ছেমিফাইনেলত লক্ষ্যই প্ৰথম দুটা চেটত প্ৰাৰম্ভিক অগ্রগতি লাভ কৰিও ডেনমাৰ্কৰ ভিক্টৰ এক্সেলছেন বিৰুদ্ধে ২২-২০ আৰু ২১-১৪ৰ ব্যাৱধানত পৰাজিত হৈছিল। ইফালে আজি অলিম্পিকত ভাৰতৰ মল্ল যোদ্ধায়ো অভিযান আৰম্ভ কৰিব। নিশা চাৰে ছয় বজাত হ’বলগা মহিলাৰ ৬৮ কিলোগ্রাম ওজন শাখাত ভাৰতৰ নিশা দাহিয়াই প্ৰী-কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। আজিয়েই পদকৰ খেলো অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে মল্ল যুঁজত ভাৰতে ২০০৮ৰ বেইজিঙৰ পৰা ২০২০ৰ টকিঅ’লৈ ক্রমাগত চাৰিখন অলিম্পিকত দুটা ৰূপ সহ মুঠ ৬টা পদক অৰ্জন কৰিছে। সেয়ে এইবাৰো ভাৰতীয় পুৰুষ আৰু মহিলা মল্লযোদ্ধাৰ পদক জয়ৰ সম্ভাৱনা আছে। আনহাতে একক আৰু ডাবলছৰ ব্যৰ্থতাৰ পাছত আজি ভাৰতৰ মহিলা টেবল টেনিছ দলে দিনৰ ডেৰ বজাত ৰোমানিয়াৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডৰ খেলত অংশ ল’ব। আনহাতে দিনৰ চাৰে ১২ বজাত শ্বুটিঙৰ অন্তিম ইভেন্ট স্কীট মিক্সড দলীয়ত ভাৰতে যোগ্যতা নির্ণায়ক খেলত অংশ ল’ব। এথলেটিকছত দিনৰ তিনি বাজি ২৫ মিনিটত ভাৰতৰ কিৰন পাহালে মহিলাৰ ৪০০ মিটাৰ দৌৰৰ প্ৰথম ৰাউণ্ডত আৰু নিশা ১০ বাজি ৩৪ মিনিটত অবিনাশ ছাবলে পুৰুষৰ তিনি হাজাৰ মিটাৰ ষ্টীপলেছেচৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল খেলিব । ইপিনে পেৰিছ অলিম্পিকত যোৱা নিশা হোৱা পুৰুষৰ একক শাখাৰ টেনিছৰ ফাইনেলত অভিলেখ সংখ্যক গ্ৰেণ্ডশ্লামৰ খিতাপ জয় কৰা ছাৰ্বিয়াৰ ন’ভাক জ’ক’ভিছে স্পেইনৰ কাৰ্লোৰ্ছ আলকাকে ৭-৬ আৰু ৭-৬ৰ ব্যৱধানত পৰাস্ত কৰি বৰ্ণিল কেৰিয়াৰৰ প্ৰথমটো অলিম্পিক সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক