পেৰিছ অলিম্পিকত বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী মনু ভাকৰে আজি বিয়লি মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলৰ যোগ্যতা নিৰূপণ ৰাউণ্ডত অভিযান আৰম্ভ কৰিব।
যুডোত তুলিকা মানে মহিলাৰ ৭৮ কিলোগ্রাম ঊৰ্ধৰ ওজন শাখাৰ এখন খেলত কিউবাৰ ইদালিত অৰ্টিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন দিনৰ ২.১৫ মিনিটত অনুষ্ঠিত হ’ব। এই ওজন শাখাৰ ফাইনেলসহ সকলো খেল আজিয়ে অনুষ্ঠিত হ’ব।
আৰ্চাৰীত ভাৰতৰ ধীৰাজ বোমদেৱাৰা আৰু অংকিতা ভকতে দিনৰ এক বজাত মিক্সড শাখাৰ দলীয় শিতানত দেশক প্রতিনিধিত্ব কৰিব। ভাৰতীয় যুটীটো ইণ্ডোনেছিয়াৰ দায়নন্দা কোইৰুনিছা আৰু আৰিফ পাংগেস্তুৰ সন্মুখীন হ’ব।
আনহাতে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় পুৰুষ হকী দলটো আজি বিয়লি পুল পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি ৪.৪৫ মিনিটত আৰম্ভ হ’ব। এথলেটিকছ শিতানত পাৰুল চৌধাৰী আজি নিশা ৯.৪০ মিনিটত মহিলাৰ পাঁচ হাজাৰ মিটাৰ ষ্টিপলচেজ দৌৰৰ যৌগ্য নিৰূপণ পৰ্যায়ত অৱতীৰ্ণ হ’ব। আনহাতে তেজিন্দৰ পাল সিং তুৰে নিশা ১১.৪০ মিনিটত পুৰুষৰ শটপুটত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব। ভাৰতীয় গ’লফাৰ গগনজিৎ‍ ভুল্লৰ আৰু সুভংকৰ শৰ্মায়ো আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। একেদৰে নেথৰা কুমানন আৰু বিষ্ণু সবাননে নৌকাচালনাৰ নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক