ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 12:50 PM | pariksha pa sarsha

printer

পৰীক্ষাৰ পূৰ্ৱে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। খন্তেক সময় পূৰ্বে সমাপ্ত হোৱা তথা আজি দিনৰ ১১ বজাৰ পৰা প্ৰচাৰ কৰা এই অনুষ্ঠানত নিউ গুৱাহাটী ৰে’লৱে কলনী হাইস্কুল, নিউ গুৱাহাটী আদর্শ হাইস্কুল, নুনমাটি হাইস্কুল, কোকৰাঝাৰৰ মাজালিপাৰা এম ভি স্কুল, গোৱালপাৰা নটসূৰ্য ফণী শৰ্মা ভৱন আদিত পৰীক্ষা পে চৰ্চা কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যৰ বিভিন্ন জিলাত এই অনুষ্ঠান পৰ্দাৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনত সংশ্লিষ্ট অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, শিক্ষার্থী আৰু অভিভাৱকে ভাগ লয়। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত দেশৰ ৩৬ গৰাকী শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক