ডাউনলোড
মোবাইল এপ

android apple
signal

October 15, 2024 5:48 PM | Paramesh sibmoni

printer

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে পৰমেশ শিৱমণিৰ দায়িত্ব গ্রহণ

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৬ সংখ্যক সঞ্চালক প্রধান হিচাপে আজি পৰমেশ শিৱমণিয়ে দায়িত্ব গ্রহণ কৰে। নৌ পৰিবহন আৰু নিৰ্দেশনাৰ বিশেষজ্ঞ শ্রী শিৱমণিৰ আদেশত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো মুখ্য জাহাজ অন্তর্ভুক্ত আছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয় আৰু ৱেলিংটনৰ প্ৰতিৰক্ষা সেৱাসমূহৰ ষ্টাফ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পৰমেশ শিৱমণিক তেওঁৰ বিশেষ সেৱাৰ বাবে ২০১৪ চনত তক্ষক পদক আৰু ২০১৯ চনত ৰাষ্ট্ৰপতিৰ তত্ৰক্ষক পদক প্ৰদান কৰা হৈছিল। ২০১২ চনত তেওঁ উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ প্রশস্তি বঁটাও লাভ কৰিছিল। দায়িত্বভাৰ গ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পৰমেশ শিৱমণিয়ে কয় যে, ভাৰতীয় উপকূল ৰক্ষী বাহিনীৰ সামগ্রিক বিকাশ আৰু প্ৰগতিৰ বাবে তেওঁ বিশেষ কাৰ্যপন্থা অনুসৰণ কৰিব । তেওঁ সততা, স্বচ্ছতা আৰু বস্তুনিষ্ঠতা এই তিনিটা স্তম্ভক আধাৰ হিচাপে লৈ বিশেষ দৃষ্টিভংগীৰ সৈতে ভাৰতীয় উপকূলৰক্ষী বাহিনীক আগবঢ়াই লৈ যাব বুলিও জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক