ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ পেৰালিম্পিকত আজি ভাৰতীয় শ্বাটলাৰ আৰু আৰ্চাৰসকল খেলত অৱতীৰ্ণ হ’ব

পেৰিছ পেৰালিম্পিক প্রতিযোগিতাৰ আজি তৃতীয় দিনা ভাৰতীয় শ্বুটাৰসকলৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব। শ্বাটলাৰ আৰু আৰ্চাৰসকলেও আজি নিজৰ খেলত অৱতীৰ্ণ হ’ব। শ্বুটিঙত মহাবীৰ কুনহলকাৰে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ৱানত অৱতীৰ্ণ হোৱাৰ লগতে লুবিনা ফ্ৰান্সিছে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ৱানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জেভলিন থ্র’ত পৰবীন কুমাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

পেৰিছ পেৰালিম্পিকৰ দ্বিতীয় দিনা ভাৰতে এটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে ৪টা পদক লাভ কৰি পদক তালিকাত নাম অন্তর্ভুক্ত কৰিছে। টকিঅ’ পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অৱনী লেখাৰাই পেৰিছতো এছ এইচ ৱান শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফল প্রতিযোগিতাত ২৪৯ দশমিক ৭ পইণ্টেৰে অভিলেখ গঢ়ি পুনৰ সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ বিপৰীতে একেটা শাখাতে মনা আগৰৱালে ২২৮ দশমিক ৭ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। ইফালে, ১০০ মিটাৰ স্প্ৰীণ্টৰ মহিলাৰ শাখাত প্রীতি পালে ১৪ দশমিক ২–১ ছেকেণ্ডৰ সৰ্বোচ্চ ব্যক্তিগত অভিলেখেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়।

পুৰুষৰ খেলত শ্বুটাৰ মনীষ নাৰৱালে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ২৩৪ দশমিক ৯ পইণ্টেৰে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। বেডমিণ্টন খেলুৱৈ সুহাষ এথিৰাজে দক্ষিণ কোৰিয়াৰ প্রতিপক্ষক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে।

অধিক পঢ়ক

সকলো চাওক