ৰাজস্থানৰ লক্ষন সিঙে কালি পানাৰ্জীৰ ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাৰ পুৰুষৰ এছ-ফৰ ১০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত সোণৰ পদক অৰ্জন কৰে। প্ৰতিযোগিতাত ওড়িশাৰ কমল কান্তে ৰূপৰ পদক অর্জন কৰাৰ বিপৰীতে হাৰিয়ানাৰ বলৰাজে ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে এছ-ফাইভ ১০০ মিটাৰ ফ্ৰী ষ্টাইলত ওড়িশাৰ নৰ হৰিয়ে সোণৰ, অন্ধ্ৰপ্ৰদেশৰ লক্ষ্মৰাওৱে ৰূপৰ আৰু বিহাৰৰ শ্বমছ আলমে ব্ৰঞ্জৰ পদক লাভ কৰে। এছ-ছিক্স ১০০ মিটাৰ ফ্ৰী ষ্টাইলত মহাৰাষ্ট্ৰৰ চৈতন্য বিশ্বাসে সোণৰ পদক অৰ্জন কৰে। আনহাতে কৰ্ণাটকৰ তেজছে এছ-ছেভেন শাখাত, শ্ৰীধৰে এছ-এইট শাখাত, ছাহিল ৰাজাৰামে এছ-নাইন শাখাত আৰু কপিল কুমাৰে এছ-টেন শাখাত সোণৰ পদক অৰ্জন কৰে।
Site Admin | October 21, 2024 11:55 AM | Para olympics