ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰাৰ্থীৰ মনোনয়ন দাখিলকে ধৰি অন্যান্য প্ৰস্তুতি অব্যাহত আছে। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰহিলৈ সামৰণি পৰিব। জিলা প্ৰশাসনসমূহে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে আগতীয়াকৈ সকলো দিশ চোৱাচিতা কৰিছে। ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নির্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে।
গোলাঘাট বিধানসভা সমষ্টিত বিজেপি নেত্রী তথা বিত্তমন্ত্রী অজন্তা নেওগে দলীয় প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰ্যবেক্ষণ কৰে। জিলাখনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসন বুজাবুজিৰ সন্দৰ্ভত বর্তমানেও প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই ৷
Site Admin | April 9, 2025 6:55 PM | Panchyat election
ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্ৰস্তুতি অব্যাহত
