ডাউনলোড
মোবাইল এপ

android apple
signal

August 10, 2024 1:00 PM | Panchyat election

printer

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নির্বাচন

শাৰদীয় দুর্গোৎসৱৰ পাছতেই ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে প্ৰতিটো উন্নয়ন খণ্ডৰ লগতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ পুনৰ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ’ব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি তিনিচুকীয়াত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰি কয় যে, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অহা ১ ছেপ্তেম্বৰৰ ৭ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যৰ উন্নয়ন খণ্ডসমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া সম্পন্ন হ’ব। তেওঁ লগতে কয় যে, ৭ ছেপ্তেম্বৰৰ পাছত খচৰাৰ সংক্ষিপ্তৰূপ প্ৰকাশ পাব আৰু ৰাইজৰ কিবা ওজৰ-আপত্তি থাকিলে সেইসমূহ ১৭ ছেপ্তেম্বৰৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব। জনতাৰ ওজব-আপত্তিক লৈ যদি কিবা সংশোধন কৰিবলগীয়া তেন্তে সেয়া জিলা আয়ুক্তই সম্পূর্ণ কৰিব। আনহাতে ১৭ ছেপ্তেম্বৰৰ পাছত খচবাৰ চূড়ান্ত তালিকা প্রকাশ পালে জিলা আয়ুক্তই সেই তালিকা বাজ্যিক নির্বাচন আয়োগক প্ৰদান কৰিব। সেই অনুসৰি অহা ডিচেম্বৰৰ ভিতৰতেই পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক